গোলাঘাটৰ প্ৰতিবেদক:
গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত 'কেব'ৰ বিৰূদ্ধে প্ৰতিবাদমুখৰ হ'ল গোলাঘাট 'আছু'। 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬' বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ সংগঠনটোয়ে । কোনো কাৰণতে অসমীয়া জাতিৰ বাবে অভিশাপস্বৰূপ বিধেয়কখন গৃহীত হ'বলৈ নিদিয়ে বুলি হুংকাৰ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰাজু ফুকনকে প্ৰমুখ্য কৰি সমূহ ছাত্ৰকৰ্মীসকলে।কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দি চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী মুখৰ কৰি তোলাৰ 'আছু' সদস্যসকলে।
- Log in to post comments
- 4 views