পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাৰ আয়োজন

Pic

গোলাঘাটৰ প্ৰতিবেদক:

বৃহত্তৰ কমাৰবন্ধা অঞ্চল সামৰি অনুষ্ঠিত হোৱা পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগৰ শ্ৰীশ্ৰী কৃষ্ণৰ শিশুলীলা আৰু ৰাসলীলা উদযাপনৰ বিশাল প্ৰস্তুতি চলি আছে।অহা ১২ আৰু ১৩ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে  অনুষ্ঠিত হ'ব লগীয়া ৰাসভাগত এই বৰ্ষৰ সন্মানীয়  'চিন্ময়ৰঞ্জন দত্ত সোঁৱৰণী বঁটা-২০১৯' আগবঢ়োৱা হৈছে বৰ্ষীমান জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাক। প্ৰয়াত দত্তৰ পৰিয়ালৰ পৰা এই সন্মান প্ৰদান কৰিব বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা কবি-সাহিত্যিক ৰফিকুল হোছেইনে। উল্লেখ্য যে অঞ্চলটোত এক সুস্থ  সাংস্কৃতিক পৰিৱেশ‌ গঢ় দিয়াৰ উদ্দেশ্যেৰে বিভিন্ন স্থানৰ মহিলাসকলক জড়িত কৰি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ৰাসভাগৰ প্ৰথম দিনা 'কংসালয়' নাটকৰ মঞ্চত অভিনয় কৰিব কেৱল মহিলা শিল্পীয়ে। একেদৰে দ্বিতীয় দিনা অসমৰ জনপ্ৰিয় অভিনেতাৰ সমাহাৰ ঘটিব ৰাসস্থলীত। আমন্ত্ৰিত অভিনয় শিল্পীসকল হৈছে, এমেচাৰ মঞ্চৰ বলিষ্ঠ অভিনেতা-পৰিচালক মৃণাল কুমাৰ  বৰা ,'বৰনদী ভটিয়াই'খ্যাত নৱাগতা অভিনেত্ৰী ডৰথী ভৰদ্বাজ,সুকন্যা ৰাজগুৰু, ৰূপম চেতীয়া। লগতে জিলাখনৰ বহুতো ন-পুৰণি শিল্পীয়ে  অংশগ্ৰহণ  কৰিব।এটা নৱৰূপ দিয়াৰ প্ৰয়াসত 'কংসালয়' নাটখন পৰিচালনা কৰিব এমেচাৰ মঞ্চৰ চিৰিয়াছ নাট্যকৰ্মী ৰুস্তম বৰাই। দুয়োটা নিশাই  ৰাইজৰ সহায় -সহযোগ তথা উপস্থিতি কামানা কৰিছে উদ্যাক্তা সমিতিয়ে।

Your Comments