'কেব' বাতিলৰ দাবীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

Pic

মৃণাল ডেকা,শুৱালকুছি:

সদৌ অসম ছাত্ৰ সন্থাৰ  আহ্বানত 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬'ৰ বাতিলৰ দাবীত  সোমবাৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই আমিনগাঁঁৱৰ কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা দুঘণ্টীয়া বিভোক্ষ কাৰ্যসূচী ৰূপায়ণ কৰে।বিক্ষোভত অবৈধ হিন্দু বালাংদেশীক নাগৰিকত্ব দিয়াৰ পথ প্ৰশস্ত কৰিবলৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি এই আইনখন বাতিলৰ বাবে দাবী উত্থাপন কৰে ছাত্ৰ সন্থাই।কেন্দ্ৰীয় চৰকাৰক এই সংবিধান বিৰোধী আইনখন বাতিল কৰিবলৈ কঠোৰ সকীয়নি দিয়ে আছু নেতৃত্বই। আজিৰ  বিভোক্ষ কাৰ্য্যসূচীত উপস্থিত থাকে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস , তথ্য আৰু কাৰ্য্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস , সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা,সাধাৰণ সম্পাদক হেমন্ত দাস আদিৰ লগতে বিভিন্ন আঞ্চলিকৰ পৰা অহা ছাত্ৰ কৰ্মীসকল ৷
 

Your Comments