বৰপেটাত আৰবিএফ মহাবিদ্যালয়ৰ উদ্যোগত যুৱ মহোৎসৱ 

Pic

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

শিক্ষাৰ্থীক বৈজ্ঞানিক চিন্তাধাৰাৰ লগতে গুণগত শিক্ষা পদ্ধতিৰে আগুৱাই নিয়াৰ লক্ষ্যৰে বৰপেটা চহৰত স্থাপন কৰা আৰ বি আই মহাবিদ্যালয়ৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত  কৰা হয়  'যুৱ মহোৎসৱ- ২০১৯'৷ বৰপেটা তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত এই যুৱ মহোৎসৱৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৪৩নং বৰপেটা বিধান সভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৷ বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত   কয় যে, শৈক্ষিক উত্তৰণেৰে ছাত্ৰ ছাত্ৰীয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব ৷ মুকলি সভাত মেঘালয়ৰ "ইউনিভাৰ্চিটি অফ চাইন্স এণ্ড টেকন'লজী" ৰ ডীন ড° অমিত চৌধুৰী, "ইউনিভাৰ্চিটি অফ চাইন্স এণ্ড টেকন'লজী" ৰ গণিত বিভাগৰ অধ্যাপক  ড° ৰঞ্জন কলিতা আৰু হৰেন্দ্ৰ চিত্ৰা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ তইবুৰ ৰহমানেও ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য   কৰি ভাষণ প্ৰদান কৰে ৷ আৰ বি এফ কলেজৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত ভাষণ প্ৰদান কৰে আৰ বি এফ কলেজৰ সঞ্চালক চফিউৰ ৰহমানে ৷ মুকলি সভাত আৰ বি এফ কলেজৰ ৰেক্তৰ জলিলুৰ ৰহমানৰ লগতে অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ৷ মুকলি সভাৰ পূৰ্বে তৰ্ক, কুইজ, আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

 

Your Comments