পথ দুৰ্ঘটনাত বঙাইগাঁও জিলা আছুৰ সাধাৰণ সম্পাদকৰ মৃত্যু  

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাৰ সিদলসতীত শনিবাৰে নিশা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱানন্দ ৰায়ৰ থিতাতে মৃত্যু হয় ৷ মৃত দেৱানন্দ ৰায়ৰ ঘৰ বঙাইগাঁও জিলাৰ পাতিলাদহাত ৷ জানিব পৰা মতে আছু নেতাগৰাকীয়ে নিজৰ এ এছ ১৯ কে ২০২৭ নম্বৰৰ মটৰ চাইকেলখনেৰে বঙাইগাঁও জিলাৰ তুলুঙীয়াৰ দিশৰ পৰা  ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিজ ঘৰলৈ বুলি গৈ থকা অৱস্থাত সিদলসতীত সংঘটিত পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় ৷ এখন অচিনাক্ত বাহনে মটৰ চাইকেলখনক খুন্দিয়াই মহতিয়াই নিয়াত ঘটনাস্থলীতে আছু নেতাগৰাকীৰ মৃত্যু হয় ৷ পিচত দুৰ্ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনাটো নিশা ৯ মান বজাত সংঘটিত হয় ৷ আছু নেতাগৰাকীৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতি , কৃষক মুক্তি সংগ্ৰাম সমিতি , গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ ,সূত্ৰধৰ ছাত্ৰ সন্থা ,আক্ৰাছু আদি সংগঠনৰ লগতে বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে ৷ সেইদৰে জিলা আছুৰ সাধাৰণ সম্পাদক দেৱানন্দ ৰায়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বঙাইগাঁও জিলা আছু আৰু চিৰাং জিলা আছুৱে সাতদিনীয়া শোক পালন কৰাৰ কথা ঘোষণা কৰি আছুৰ পতাকা অৰ্ধনমিত কৰি ৰাখিব বুলিও ঘোষণা কৰিছে ৷ ইপিনে দেওবাৰে পুৱাৰ ভাগত আছু নেতাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিচত বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় ছহিদ ভৱনলৈ অনা হয় ৷ ইয়াতে আছুৰ লগতে বিভিন্ন দল-সংগঠন আদিৰ তৰফৰ পৰা আছু নেতাগৰাকীৰ মৃতদেহত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷

Pic

বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি বিনোদ নাথৰ লগতে বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা, বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থা,আছুৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক অঞ্জন কলিতা,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পুলেন ৰাজবংশী ,স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰী, উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ত ভূপেন ৰায় , আছুৰ প্ৰাক্তন সভাপতি তথা বঙাইগাঁও জিলা কংগ্ৰেছৰ জিলা সভাপতি শংকৰ প্ৰসাদ ৰায় ,বঙাইগাঁও জিলা গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ,বৰপাৰা শাখা ছাত্ৰ সন্থা ,আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ , পুৰণি বঙাইগাঁও শাখা ছাত্ৰ সন্থা , জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি , বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব , কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্প,সূত্ৰধৰ ছাত্ৰ সন্থা , আছুৰ প্ৰাক্তন বিত্ত সম্পাদক মিলনজ্যোতি ৰায় , জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰুবুল কান্তি দাস , ৰাজ্যিক কাৰ্যনিৰ্বাহক পাৰ্থজিৎ ৰায় , প্ৰাক্তন আছু নেতা অৰ্জুন বৰ্মন আদিকে ধৰি বিভিন্নজনে মৃতদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

Pic

ইয়াৰ পিচতে আছু নেতাগৰাকীৰ মৃতদেহ বিজনী আছু কাৰ্যালয়, নোৱাপাৰা আছু কাৰ্যালয়, মাণিকপুৰ আছু কাৰ্যালয় আৰু পাতিলাদহা আছু কাৰ্যালয়লৈ নি শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ পাতিলাদহা আছু কাৰ্যালয়ত আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে ধৰি কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দ উপস্থিত হৈ দেৱানন্দ ৰায়ৰ মৃতদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ আছুৰ নেতৃত্বই জিলা সমিতিৰ সাধাৰণ সম্পাদকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সংগঠনটোৱে তিনিদিনীয়া শোক পালন কৰাৰ লগতে তিনিদিন আছুৰ পতাকা অৰ্ধনমিত কৰি ৰাখিব বুলিও ঘোষণা কৰে ৷ পিচত দেৱানন্দ ৰায়ৰ মৃতদেহ পাতিলাদহাস্থিত নিজ গৃহত নিয়া হয় আৰু তাৰ পিচত স্থানীয় শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় ৷ আছু নেতাগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে ৷


 

Your Comments