৪ নৱেম্বৰত আলগাপুৰ হাস্পতালত বিক্ষোভ কাৰ্যসূচী এছএফ‌আইৰ

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :

বৰাকৰ হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ অন্তৰ্গত আলগাপুৰ চিকিৎসালয়ত বৰ্তমানে চলি থকা চৰম অব্যৱস্থাক লৈ এইবাৰ আন্দোলনত নামিবলৈ সিদ্ধান্ত লৈছে  ষ্টুডেণ্ট ফেডাৰেচন অফ ইণ্ডিয়া চমুকৈ এছএফ‌আইয়ে।অহা ৪ নৱেম্বৰত আলগাপুৰ চিকিৎসালয়ৰ চৰম অব্যৱস্থাৰ প্ৰতিবাদত  ‌বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব  বুলি শনিবাৰে হাইলাকান্দিত  সংবাদ মেল পাতি জানিবলৈ দিয়ে সংগঠনটোৰ বিষয়ববীয়াসকলে। এছএফ‌আইৰ নেতা সামনাম মাঝাৰভূঞা,ইচতাক মজুমদাৰ,ৰিতুৰাজ গোস্বামী,আমিন    মজুমদাৰ, নিপ্পু বাৰভূঞা,
আবিদুৰ ৰহমান, ইমৰান হাচান,মাছুম আহমেদ,ৰাহাত লস্কৰ,কায়েল 
হোছেইনে কয়  যে  দীৰ্ঘদিনৰ পৰা কোনো ৰহস্যজনক কাৰণত আলগাপুৰৰ মডেল চিকিৎসালয়খনৰ নামকৰণৰ বিষয়টো এতিয়াও সমাধান হোৱা নাই। তেওঁলোকৰ দাবী চিকিৎসালয়খনৰ নামাকৰণ হ'ব লাগে জননেতা অসমৰ প্ৰাক্তন অস্থায়ী মুখ্যমন্ত্ৰী তথা বহুকেইবাৰৰ বিধায়ক ছহিদুল‌ আলম চৌধুৰীৰ নামেৰে হ'ব লাগে।চিকিৎসালয়খনৰ আন্ত:গাঠনি উন্নীতকৰণৰো  দাবী কৰে সংগঠনটোৱে। সংগঠনটোৱে জনোৱা মতে উক্ত ঘোষিত বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকিব এছএফ‌আইৰ ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ বহুকেইগৰাকী শীৰ্ষ নেতাই।

Your Comments