গোলাঘাটৰ প্ৰতিবেদক:
গোলাঘাট জিলা সাংবাদিক সংস্থাৰ আগন্তুক দ্বিতীয় বাৰ্ষিক অধিবেশন উপলক্ষে শনিবাৰে সৰুপথাৰিস্থ পদুমনি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সৰুপথাৰ শাখাৰ উদ্যোগত জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। জিলা সংস্থাৰ সম্পাদক সমীৰণ দিগন্তই আঁত ধৰা সভাখন পৰিচালনা কৰে সংস্থাৰ সভাপতি সোণাৰাম ভৰালীয়ে। উদ্দেশ্যে বাখ্যাৰ পিছতে সংস্থাৰ মুখ্য সম্পাদক ৰোহিত গগৈয়ে আগন্তুক অধিবেশনখন অনুষ্ঠিত কৰা সন্দৰ্ভত সকলোৰে মতামত বিচাৰি আলোচনা আগবঢ়ায় । আলোচনাৰ অন্তত সৰ্বসন্মতিক্ৰমে খুমটাই শাখাৰ আমন্ত্ৰণত অঞ্চলটোত আগন্তুক দ্বিবাৰ্ষিক অধিবেশনখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত অধিবেশনখনৰ যোগেদি জনহিতকৰ কামৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক আদৰণি জনায়ো সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰায় ৬০ জন প্ৰতিনিধিয়ে অংশ লোৱা সভাত মঞ্চত উপবিষ্ট থাকে গোলাঘাট জিলাৰ জ্যেষ্ঠ সাংবাদিকসকল ঘনশ্যাম বাঢ়ৈ, নগেন শৰ্মা,দুগ্ধ দত্ত ,বিকাশ শৰ্মা আদি।
- Log in to post comments
- 6 views