নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন :
নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ ৮৬ সংখ্যক ৰাস মহোৎসৱ খনি পূৰ্বৰ তুলনাত অধিক আকৰ্ষণীয়কৈ উদ্যাপন কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।তেৰদিনীয়াকৈ উদযাপিত হ'বলগীয়া এই ৰাস মহোৎসৱখনৰ বাবে ৮৫ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা বুলি জানিবলৈ দিছে হৰি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক নগেন ডেকাই। আয়োজন সম্পৰ্কত তেওঁ জনোৱা মতে সৰ্বমুঠ
৮০টা স্থানত কৃষ্ণৰ ৰাসক্ৰীড়াৰ বিভিন্ন প্ৰতিমা সজোৱা হ'ব ৷ ইতিমধ্যে ষ্টল নিৰ্মাণ আৰু মৃন্ময় মূৰ্তি সজাৰ কাম পূৰ্ণগতিত চলি আছে। কলিকতাৰ মৃন্ময় শিল্পী বিক্ৰম পালৰ নেতৃত্বত মৃন্ময় মূৰ্তি সমূহৰ নিৰ্মাণৰ কাম চলি আছে বুলি জানিব পৰা গৈছে।এইবাৰৰ ৰাসৰ ভক্ত তথা দৰ্শকক আমোদ দিয়াৰ অৰ্থে
২০ ফুট দৈৰ্ঘ্যৰ বৃহদাকাৰৰ দুটা পুতলা ডাইনছৰৰ ব্যৱস্থা কৰা হৈছে। হৰি মন্দিৰ প্ৰাঙ্গনৰ পৰা ৰাস মহোৎসৱৰ মেলালৈ যোৱা মূল প্ৰৱেশদ্বাৰৰ কাষত দুয়ো ফালে ২০ ফুট দৈৰ্ঘ্যৰ বিদ্যুৎচালিত এই বৃহদাকাৰৰ ডাইন’ছৰ দুটা থাকিব। বিদ্যুৎচালিত ডাইন’ছৰ দুটাই দৰ্শনাৰ্থীক আমোদ দিব বুলি আশা কৰিছে ৰাস মহোৎসৱ সমিতিয়ে। ইয়াৰ উপৰি অসম পৰ্যটন নিগমে পূৰ্ণ সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়ে নলবাৰী ৰাস মহোৎসৱত পৰ্যটকৰ বাবে বিভিন্ন পদক্ষেপো গ্ৰহণ কৰিছে ৰাস মহোৎসৱ সমিতিয়ে। জানিব পৰা মতে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে দৰ্শনাৰ্থী উঠিব পৰা কে’বাটাও হট এয়াৰ বেলুন উৰুৱাব পৰ্যটন বিভাগে। তদুপৰি পাগলদিয়াৰ বুকুত দহটা তম্বুঘৰ সাজি নিশা পৰ্যটকক পৰিয়ালসহ তাত থকাৰো ব্যৱস্থা কৰিব। তাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব জিলা প্ৰশাসনে।
আনহাতে, নলবাৰী ৰাস মহোৎসৱ উপলক্ষে ৰাস মহোৎসৱ চলি থকা দিনকেইটাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ বিশেষ সেৱা থাকিব। হৰি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক নগেন ডেকাই জানিবলৈ দিয়া মতে উক্ত দিনকেইটাত নলবাৰী ৰাস মহোৎসৱৰ পৰা গুৱাহাটী আৰু বঙাইগাঁৱলৈ প্ৰতি আধা ঘন্টাৰ মূৰে মূৰে এএছটিচি বাছ চলি থাকিব। তদুপৰি নলবাৰী এএছটিচি বাছ আস্থানৰ পৰা ৰাস মহোৎসৱ উপলক্ষে ১৫ খন বাছৰ বিশেষ সেৱা থাকিব। ইপিনে ৰাস মহোৎসৱৰ দিনকেইটাত নলবাৰী ৰে’ল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ বাহিৰে উজনি-নামনিমুৱা প্ৰতিখন ৰে’লকে এক মিনিটকৈ ৰখোৱাৰ বাবে ৰে’ল বিভাগে ব্যৱস্থা কৰিব বুলি উদ্যোক্তাসকলে জনাইছে।ইফালে,নলবাৰীৰ এইবাৰৰ ৰাস মহোৎসৱত ১৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ ঐতিহ্যমণ্ডিত মাজুলীৰ জীৱন্ত মানুহৰ ৰাস প্ৰদৰ্শন কৰা হ’ব। ইপিনে নলবাৰীৰ ৰাস মানে হ’ল ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত নাট্যযুদ্ধ। সেই অনুসৰি ৰাস মহোৎসৱৰ মাজতে ১৮ৰ পৰা ২১ নৱেম্বৰলৈ বৃন্দাবন থিয়েটাৰ, ১৯ৰ পৰা ২৩ নৱেম্বৰলৈ হেঙুল থিয়েটাৰ, ১৯ৰ পৰা ২২ নৱেম্বৰলৈ ৰাজতিলক থিয়েটাৰ, ২০ৰ পৰা ২৩ নৱেম্বৰলৈ থিয়েটাৰ সূৰ্য, ১৮ৰ পৰা ২৩ নৱেম্বৰলৈ ৰাজমুকুট থিয়েটাৰ, ১৯ৰ পৰা ২৪ নৱেম্বৰলৈ ইতিহাস থিয়েটাৰ আৰু ২১ৰ পৰা ২৫ নৱেম্বৰলৈ বৰদৈচিলা থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব।ৰাস মহোৎসৱ উপলক্ষে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে থাকিব নগদ ২০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ নগদ ১৫,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ নগদ ৭,০০০ টকা। আনহাতে ১৪, ১৫ নৱেম্বৰত অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত নাগাৰা নাম প্ৰতিযোগিতা। ইয়াত থাকিব প্ৰথম পুৰস্কাৰ নগদ ৪০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ নগদ ২৫,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ নগদ ১৫,০০০ টকা। লগতে ১০,০০০ টকাকৈ দুটা বিচাৰকৰ বিশেষ বঁটাও থাকিব।ৰাস মহোৎসৱৰ সময়ত যাতে কোনো দুষ্কৃতিকাৰীয়ে কোনো ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে ৰাস মহোৎসৱ পৰিচালনা সমিতিয়ে ৫০টা চিচি টিভি কেমেৰাৰো ব্যৱস্থা কৰিব। ইয়াৰে ৭খন ভ্ৰাম্যমাণ থিয়েটাৰত দুটাকৈ ১৪টা চিচি টিভি কেমেৰা থাকিব বুলিও হৰি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক নগেন ডেকাই জানিবলৈ দিছে।
- Log in to post comments
- 132 views