নগাঁৱৰ প্ৰতিভাৱান ছাত্ৰী ক্যাট্ৰিনাৰ সাফল্য : ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় বিভিন্ন প্ৰতিযোগিতাত বুটলিছে সন্মান

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামানৰ প্রতিবেদন :

নগাঁও চহৰৰ অসমীয়া মাধ্যমৰ অগ্ৰনী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ক্যাট্ৰিনা কাশ্যপে ভাৰত বৰ্ষৰ চুবুৰীয়া দেশ থাইলেণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা ২১ অক্টোবৰৰ পৰা থাইলেণ্ডৰ বেংককৰ ৰাংচিত বিশ্ববিদ্যালয়ত অনুস্থিত হোৱা আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাৰ লঘু শাস্ত্ৰীয় নৃত্যৰ জুনিয়ৰ শাখাত প্ৰথম স্হান দখল কৰি হীৰক বঁটাৰে সন্মানিত হয়। ইয়াৰ উপৰি এই প্ৰতিভাবান ছাত্ৰী গৰাকীয়ে অলপতে ৰঙিয়াত লোক কেন্দ্ৰ কলা কৃষ্টিৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত লঘু শাস্ত্ৰীয় নৃত্য আৰু লোক নৃত্য বিহুতো প্ৰথম আৰু দ্বিতীয় স্হান লাভ কৰাৰ লগতে চেন্নাইৰ টাবাৰামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাতো সন্মান লাভ কৰিবলৈ সক্ষম হয়।অসমৰ বিভিন্ন বিহু মঞ্চতো বিহু নৃত্য প্ৰতিযোগিতাত স্হান দখল কৰি আহিছে ক্যাট্ৰিনাই। ক্যাট্ৰিনা কাশ্যপ হ'ল নগাঁও চহৰৰ সমীপবৰ্তী ভোটাইগাঁও নিবাসী জ্যেষ্ঠ অধিবক্তা অজিত কুমাৰ বৰা আৰু শিক্ষয়িত্ৰী নিৰ্মালী বৰাৰ একমাত্ৰ কন্যা।

Your Comments