দেশৰ ৰাজধানী দিল্লীত এতিয়া ভয়ংকৰ বায়ু প্ৰদূষণ।প্ৰদূষিত বায়ুত শ্বাস-প্ৰশ্বাস লৈ এতিয়া দিল্লীত নাগৰিকসকল এতিয়া অসুস্থ হ'বলৈ ধৰিছে।
বহু দিল্লীবাসীয়ে শ্বাস-প্ৰস্বাস ল'বলৈ কষ্ট পাইছে,চকু পুৰিবলৈ ধৰিছে।আনহাতে,বায়ু প্ৰদূষণে সৃষ্টি কৰা ৰোগত বহু লোকৰ ইতিমধ্যে মৃত্যু হৈছে।দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত বায়ুৰ মান সূচকাংক ৪৭০ হৈছেগৈ,যিটো জনস্বাস্থ্যৰ বাবে অতি বিপদজনক।বায়ু প্ৰদূষণৰ ভয়ংকৰ অৱস্থালৈ লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত আয়োগে ইতিমধ্যে শুকুৰবাৰে 'জনস্বাস্থ্যত জৰুৰী অৱস্থা' ঘোষণা কৰিছে।
পঞ্জাব আৰু হাৰিয়ানাত কৃষিভূমিত ব্যাপকভাৱে কৃষিৰ বৰ্জ্য অংশ জ্বলোৱা উৎপন্ন হোৱা ধোঁৱাক বতাহে দিল্লীলৈ কঢ়িয়াই অনাৰ ফলতে দেশৰ ৰাজধানী দিল্লী এতিয়া 'গেছ চেম্বাৰ'ত পৰিণত হৈছে।
- Log in to post comments
- 37 views