কামৰূপৰ বংশৰ-কুলহাটী সংযোগী গড়কাপ্তানি পথৰ দুৰাৱস্থা:জীয়াতু ভুগিছে ৰাইজে,ক্ষুব্ধ 'আছু'

Pic

শুৱালকুছিৰ পৰা মৃণাল ডেকা:

গড়কাপ্তানি মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ  জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বংশৰ বেলৰতল - কুলহাটী সংযোগী সদাব্যস্ত  গড়কাপ্তানি পথটো বিধস্ত হৈ পৰাৰ পিছতো চৰকাৰ-বিভাগীয় কৰ্তৃপক্ষ আৰু জনপ্ৰতিনিধিয়ে উন্নয়নৰ ক্ষেত্ৰত আজিলৈকে গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে স্থানীয়  ৰাইজৰ লগতে ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থা ৷ উল্লেখযোগ্য যে ,বৃহত্তৰ শুৱালকুছি অঞ্চলৰ  ৰাইজে  ৰঙিয়া ,হাজো , নলবাৰী , বৰপেটা তথা উত্তৰ অসমৰ বিভিন্ন অঞ্চললৈ কম সময়ৰ ভিতৰতে যাতায়ত কৰিব পৰা এইটো অতি গুৰুত্বপূৰ্ণ পথ৷এই গড়কাপ্তানি পথটো  সম্প্ৰতি ঠায়ে-ঠায়ে  ভাগি-ছিগি শিলসমূহ জোঙা হৈ পৰাত একেবাৰে যাতায়তৰ অনুপযোগী হৈ পৰিছে ৷পথটোৰ বংশৰ বেলৰ তলৰ পৰা কুলহাটীৰ মোৱামাৰীলৈ অধিকাংশতে পুৰণি পকীবোৰ  এৰি গৈ কটা শিলবোৰ ওলাই সিঁচৰতি হৈ পৰাত পথচাৰীসকল যথেষ্ট আহুকালৰ সম্মুখীন হ'ব লগা হৈছে তদুপৰি উক্ত পথটোৰ কাষতে থকা কলাজ’ল ( ভেলামাৰী )নদীয়ে পথটোৰ মোৱামাৰী দলঙৰ সমীপত কিছু অংশ খহাই নিয়াৰ পৰিণতিত পথটো   সংকুচিত হোৱাত সম্প্ৰতি উক্ত  ঠাইত দুৰ্ঘটনাৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে গঞা ৰাইজ ৷ ইতিমধ্যে পথটোত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে,তাৰ পিছতো গুৰুত্ব নাই গড়কাপ্তানি বিভাগৰ ৷ অন্য সমষ্টিৰ কথাটো বাদেই,গড়কাপ্তানি বিভাগৰ মন্ত্ৰী তথা অসম চৰকাৰৰ অতি দায়িত্বশীল আৰু প্ৰভাৱশালী মন্ত্ৰীৰ নিজ সমষ্টিৰ পথৰ অৱস্থাই দুৰ্ভাগ্যজনক হিচাপে চিহ্নিত হৈছে।কথাক কথাই নিজৰ সমষ্টি তথা নিজৰ বিভাগৰ জয় ঢোল বজোৱা মন্ত্ৰীজনৰ নিজ সমষ্টিৰ পথৰ দুৰাৱস্থাত তেওঁৰ বিভাগৰ কৰ্মদক্ষতা ৰাইজে দেখিবলৈ পাইছে ৷ তাতেই আকৌ এই গড়কাপ্তানি পথটোৰে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে  ছাত্ৰ - ছাত্ৰীয়ে নৰক যন্ত্ৰণাৰে দৈনিক যাতায়ত অব্যাহত ৰাখিছে৷এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগ,স্থানীয় বিধায়কৰ সদিচ্ছা নথকাত পথটোৰ মেৰামতি ব্যৱস্থা আজিলৈকে হৈ নুঠিল বুলি ৰাইজৰ লগতে পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি  সভাপতি মনোৰঞ্জন দাসে অভিযোগ কৰে।সমাগত অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনলৈ হাজো ,নলবাৰী , বৰপেটা , ৰঙিয়াকে ধৰি উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই পথৰে জনতাই যাতায়ত কৰিব ৷সাহিত্য সভাৰ অধিৱেশনৰ আগত মেৰামতি নকৰিলে এই পথৰে যাতায়তত যথেষ্ট অসুবিধা হোৱাৰ উপৰিও দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা থাকিব ৷ গতিকে সময থাকোতেই বংশৰ - কুলহাটী সংযোগী উক্ত পথটো নিৰ্মাণ কৰিবলৈ ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে অসম চৰকাৰক দাবী জনাইছে ৷

Your Comments