যমুনামুখত পথৰ দুৰৱস্থাঃ নাক বচাবলৈ আজমলৰ সংগঠনৰ প্ৰতিবাদ

jamunamukh

জমিৰ উদ্দিন তালুকদাৰ, ডবকাঃ 

যমুনামুখৰ বাট-পথৰ অৱস্থা তথৈবচ ৷ সমষ্টিটোৰ কোনো এটা মূল পথেই যাতায়াতৰ বাবে উপযোগী নহয় ৷ নিজকে মুছলমানৰ নেতা বুলি দাবী কৰা বদৰুদ্দিন আজমলে এটা সময়ত নিজে প্ৰতিনিধিত্ব কৰা আৰু বৰ্তমান তেওঁৰ পুত্ৰ আব্দুৰ ৰহিম আজমলে প্ৰতিনিধিত্ব কৰা যমুনামুখ সমষ্টিৰ প্ৰতিটো বাট-পথৰ অৱস্থাই এতিয়া শোচনীয় হৈ পৰিছে ৷ সমষ্টিটোৰ সমস্যাক লৈ একেবাৰে নিৰুদ্বিগ্ন বিধায়ক গৰাকী বিদেশত ব্যস্ত ৷ সমষ্টিবাসীয়ে বাট-পথৰ কাৰণে হাহাকাৰ কৰি থকাৰ সময়ত বৃহস্পতি বাৰে হোজাই জিলাৰ মোৰাঝাৰ-চৌধুৰী বজাৰ সংযোগী গড়কাপ্তানী পথচোৱা মেৰামতিৰ দাবীত শ শ ছাত্ৰী-ছাত্ৰীৰ লগতে আজমলৰ দলৰ ছাত্ৰ সংগঠন ইউডিএছএফৰ কৰ্মীয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদীসকলে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি শ্লগানেৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী ৰাইজে ৷

dabakaউল্লেখ্য যে মোৰাঝাৰ-চৌধুৰী বজাৰ গড়কাপ্তানী পথৰ অৱস্থা অতি শোচনীয় হৈ পৰাত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিছে ৷ এজাক বৰষুণ দিলেই পথছোৱা বোকাময় হৈ পৰে ৷ বোকা পানীৰে একাকাৰ হৈ পৰা পথটোৰ মাজত আছে পুখুৰী সদৃশ গাত ৷ একেবাৰে বিধ্বস্ত হৈ পৰা গড়কাপ্তানী পথছোৱা মেৰামতিৰ বাবে বিভাগটোৱে পদক্ষেপ লৈছিল যদিও হঠাৎ কাম বন্ধ হৈ পৰে ৷ ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবে মেৰামতিৰ কাম আৰম্ভ নোহোৱাত আজি ছাত্ৰ- ছাত্ৰীৰ লগতে এআইইউডিএফ-ৰ ছাত্ৰ সংগঠন ইউডিএছএফ-য়ে-সাব্যস্ত কৰিলে এই প্ৰতিবাদ ৷ আগন্তুক ২৪ ঘন্টাৰ ভিতৰত গড়কাপ্তানী বিভাগে পথটোৰ মেৰামতিৰ কাম আৰম্ভ নকৰিলে ইয়াতকৈ আৰু ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী ছাত্ৰ সংগঠনটোৰ নেতা ইবাদুৰ ৰহমান আৰু ইমৰান হুছেইনে ৷

Your Comments