নিউজ এএছএন ,প্ৰতিবেদক মাজুলী :
মাজুলীতো বৃহস্পতিবাৰে জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়। অখণ্ড ভাৰতৰ অন্যতম খনিকৰ, লৌহ-মানৱ বল্লভভাই পেটেলৰ জন্মজয়ন্তীৰ উপলক্ষত দেশজুৰি পালন কৰা এই দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰয়াত ৰাষ্ট্ৰনেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলিৰে পুৱা ৬ বজাত 'একতাৰ দৌৰ' শীৰ্ষক এক সামূহিক দৌৰৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা ডৰিয়াপাৰৰ মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰলৈ আয়োজিত এই সমূহীয়া দৌৰ মিনি ষ্টেডিয়ামত পতাকা জোকাৰি শুভাৰম্ভ কৰে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে। এই সমূহীয়া দৌৰত উপায়ুক্তগৰাকীৰ লগতে মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ, আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায় আৰু অতিৰিক্ত উপায়ুক্ত উৎপল দলেও অংশগ্ৰহণ কৰে। পাছত ডৰিয়াপাৰৰ খেলপথাৰত আয়োজিত 'একতাৰ দৌৰ'ৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক সম্বোধি উপায়ুক্ত কৈৰীয়ে কয়, 'দেশে স্বাধীনতা লাভ কৰাৰ পাছতে লৌহমানৱ বল্লভভাই পেটেলে গ্ৰহণ কৰা বলিষ্ঠ ভূমিকাৰ বাবেই আমি ঐক্যবদ্ধ ভাৰতৰ আজিৰ মানচিত্ৰখন লাভ কৰিবলৈ সক্ষম হ'লো। ৰাষ্ট্ৰনেতা বল্লভভাই পেটেলে দাঙি ধৰা একতাৰ সেই আদৰ্শ আৰু ভাৱধাৰাৰ প্ৰাসংগিকতা এতিয়া অধিক বৃদ্ধি পাইছে। বিভিন্ন জাতি-উপজাতি-জনগোষ্ঠীৰ মিলনভূমি আমাৰ অসমখনো বিবিধতাৰ মজত একতাৰে পৰিপূৰ্ণ ভাৰতৰ এক ক্ষুদ্ৰ সংস্কৰণ।
আমি সকলোৱেই এই কথা মনত ৰাখিব লাগিব যে, কেৱল ভৌগোলিক একতাৰেই নহয়, আমাৰ সকলোৰে মনৰ মাজতো একতাৰ ভাৱাদৰ্শ থাকিব লাগিব।' ইফালে, পুৱা ১১ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত তিনিওগৰাকী অতিৰিক্ত উপায়ুক্ত আৰু আটাইকেইগৰাকী কাৰ্যবাহী দণ্ডাধীশকে ধৰি উপায়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া-কৰ্মচাৰীয়ে ৰাষ্ট্ৰীয় একতা দিৱসৰ সংকল্প গ্ৰহণ কৰে। উপায়ুক্ত কৈৰীয়ে বিষয়া-কৰ্মচাৰীসকলক দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ এই শপত বাক্য পাঠ কৰায়। মাজুলীৰ সকলো চৰকাৰী বিভাগৰ কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ২০ খন গাঁও পঞ্চায়তৰ কাৰ্যালয়তো আজি ৰাষ্ট্ৰীয় একতা দিৱসৰ সামূহিক সংকল্প গ্ৰহণ কৰাৰ লগতে লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইফালে, ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আজি আগবেলা গড়মূৰৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত এখন থিতাতে লিখা ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰে। এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ৬৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ প্ৰাকক্ষণত শ্ৰীশ্ৰীপীতাম্বৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অংশগ্ৰহণকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক তত্বাৱধায়ক-অভিভাৱকসকলে ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত গ্ৰহণ কৰে।
- Log in to post comments
- 100 views