শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :
ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো বৃহস্পতিবাৰে ১৯২০ চনত গঠিত হোৱা দেশৰ সৰ্ব বৃহৎ শ্ৰমিক ইউনিয়ন ALL INDIA TRADE UNION CONGRESS ( AITUC)ৰ শতবৰ্ষ অনুস্থানৰ শুভাৰম্ভ কৰে এ আই টি ইউ চিৰ শিৱসাগৰ জিলা সমিতিয়ে।
ইফালে বৃহস্পতিবাৰে পুৱা বিশিষ্ট শ্ৰমিক নেতা তথা এ আই টি ইউ চিৰ প্ৰাক্তন মহা সচিৱ কমৰেড্ গুৰুদাস দাসগুপ্তাৰ বিয়োগৰ প্ৰতি ৰক্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ কৰ্মৰাজিৰ প্ৰতি সন্মান জনাই সংগঠনৰ ৰক্তপতাকা অৰ্দ্ধনমিত কৰি ৰখা হয় ৷
এ আই টি ইউ চিৰ স্বীকৃতিপ্ৰাপ্ত জিলাখনৰ বিভিন্ন শ্ৰমিক সংগঠনৰ প্ৰতিনিধি সকলৰ উপস্থিতিত অএনজিচিৰ ৱৰ্কাছ এচচিয়েচনৰ প্ৰেক্ষাগৃহত বয়োজ্যোষ্ঠ শ্ৰমিক নেতা কমৰেড্ চেনীৰাম গগৈৰ সভাপতিত্বত এখনি সভা অনুস্থিত কৰা হয় ৷
এ আই টি ইউ চিৰ জিলা সম্পাদক কমৰেড মুহি বৰুৱাই এআইটিউচিৰ জন্মৰ ইতিসাহ তথা সাম্প্ৰতিক পৰিৱেশত এ আই টি ইউ চিৰ ভূমিকা সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷
সভাত চি পি আইৰ যুৱ নেতা কমৰেড্ ৰিকু বৰগোঁহাই, কমৰেড অনুপ গগৈ তথা শ্ৰমিক নেতা কমৰেড জীতেন বৰপাত্ৰ গোঁহাই, কমৰেড প্ৰণৱ চেতিয়া, কমৰেড মদন বৰুৱা উপস্থিত থাকি শ্ৰমিক সকলৰ ন্যায্যপ্ৰপ্তিৰ অধিকাৰৰ হকে সংগ্ৰামী চেতনা জাগ্ৰত কৰি ঐক্যবদ্ধভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায় ৷ শ্ৰমিক আৰু যুৱ নেতা সকলে লগতে বৰ্তমানৰ মোদী নেতৃত্বাধীন গেৰুৱা চৰকাৰখনে পূঁজিপতিৰ হাতত ৰাজহুৱা খণ্ডৰ উদ্যোগ সমুহ বিক্ৰী কৰিব খোজা কাৰ্য আৰু শ্ৰমিক চাটাই কাৰ্যক তীব্ৰ ভাৱে গৰিহণা দিয়ে ৷ কৰ্পৰেট গোষ্ঠীৰ আগ্ৰাসনে থলুৱা ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠান সমুহ ধংস কৰি দৰিদ্ৰ জনসাধাৰণক এক অনিশ্চিত ভৱিষ্যতৰ ফালে ঠেলি দিয়া বুলি অভিহিত কৰে ৷
বৃহস্পতিবাৰে সভাই গোটেই বৰ্ষজোৰা কাৰ্যসূচীৰে শতবৰ্ষ অনুস্থিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৷
- Log in to post comments
- 5 views