শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন:
বৃহস্পতিবাৰে দ্বিতীয় দিনাও উত্তপ্ত হৈ থাকে বৰাক উপত্যকাৰ শিলচৰ চহৰ।
মেহেৰপুৰৰ দুৰ্ঘটনাক লৈ বৃহস্পতিবাৰও ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰে শিলচৰ চহৰৰ মাজমজিয়া।চহৰৰ ৰাংগিৰখাৰী, হাস্পতাল ৰোডকে ধৰি চহৰৰ কেইবাটাও এলেকাত সৃষ্টি হ'ল ব্যাপক অশান্তিৰ।এই উত্তপ্ত পৰিস্থিতিক লৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কাছাৰ জিলা প্ৰশাসনে।কাছাৰৰ জিলা উপায়ুক্ত(আইএচ)লয়া মাধুৰীয়ে বৃহস্পতিবাৰে সন্ধিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰভাৱে সমগ্র কাছাৰ জিলাতে ১৪৪ জাৰি কৰে।বৃহস্পতিবাৰৰ অশান্তিৰ বাবে বহুকেইখন বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ২০ জনৰো অধিক মানুহ আহত হৈ শিলচৰ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছে বুলি জানিব পৰা গৈছে।উল্লেখ্য, মেহেৰপুৰৰ দুৰ্ঘটনাত ২ জনৰ মৃত্যুৰ ঘটনাক মানি ল'ব পৰা নাছিল চহৰৰ ৰাইজে।এটাৰ পিছত এটা দুৰ্ঘটনা চহৰত সংঘটিত হৈছে যদিও জিলা প্ৰশাসনৰ ভূমিকা অতি ৰহস্যজনক বুলি অভিযোগ কৰিছে ৰাইজে।
- Log in to post comments
- 31 views