শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
ঐক্যবদ্ধ ভাৰতৰ অন্যতম খনিকৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীত বৃহস্পতিবাৰে সমগ্ৰ দেশতে 'ৰাষ্ট্ৰীয় একতা দিৱস' উদযাপন কৰা হয়।
'ৰাষ্ট্ৰীয় একতা দিৱস' উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত পুৱা ৭ বজাত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখৰ পৰা 'সংহতি দৌৰ'ৰ আয়োজন কৰা হয়।
এই সংহতি দৌৰ শুভাৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই সকলোকে একতাৰ শপত বাক্য পাঠ কৰায়।
এই সংহতি দৌৰত উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জিলা প্ৰশাসন আৰু চৰকাৰী বিভাগসমূহৰ বিষয়-ববীয়া, আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বল, অসামৰিক প্ৰতিৰক্ষা, গৃহৰক্ষী বাহিনী, নবীন-প্ৰবীণ ক্রীড়াবিদ, ক্ৰীড়া সংগঠক, ছাত্ৰ-ছাত্ৰী,গৰিষ্ঠসংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
ৰাষ্ট্ৰীয় একতা দিৱসৰ অন্যতম কাৰ্যসূচীৰূপে দুপৰীয়া শিৱসাগৰ নগৰৰ বিভিন্ন স্থানত যেনে, দ'লমুখ চাৰিআলি, কে পি চাৰিআলি, অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ সমীপৰ অঞ্চলসমূহত বাটৰ নাট পৰিবেশনৰ জৰিয়তে ৰাইজৰ মাজত দেশৰ একতা, অখণ্ডতা আৰু সংহতি বজাই ৰখাৰ বাৰ্তা প্ৰেৰণ কৰা হয়।
উপায়ুক্তগৰাকীও এই কাৰ্যসূচীত উপস্থিত হৈ শিল্পীসকলক উৎসাহিত কৰাৰ লগতে ৰাইজক পাৰস্পৰিক মতভেদ, ভেদাভেদ পাহৰি একগোট হৈ জনগোষ্ঠীয় সাতামপুৰুষীয়া ঐক্যৰ এনাজৰীডাল আৰু শক্তিশালী কৰাৰ দিশত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।
- Log in to post comments
- 14 views