বঙাইগাঁৱৰ প্ৰতিবেদক:
সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে বঙাইগাঁও জিলা সদৰতো ঐক্যবদ্ধ ভাৰতৰ অন্যতম খনিকৰ,লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৪ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু আৰক্ষী প্ৰশাসন তথা জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে 'ৰাষ্ট্ৰীয় একতা দিৱস' পালন কৰা হয় । ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে পুৱা ৭ বজাত স্থানীয় গান্ধী ময়দানৰ পৰা ছহিদ বেদীলৈ এক একতা দৌৰৰ আয়োজন কৰা হয় । এই দৌৰ আৰম্ভ হোৱাৰ পূৰ্ব্বে লৌহ পুৰুষগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে । ইয়াৰ পিচত অনুষ্ঠানত অংশ গ্ৰহণ কৰা উপস্থিত সকলোকে অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে একতাৰ শপত বাক্য পাঠ কৰায় ৷ আনহাতে এই কাৰ্যসূচীৰ পিচতে জিলা উপায়ুক্তগৰাকীয়ে পতাকা জোকাৰি একতা দৌৰৰ শুভৰাম্ভ কৰে ।
একতা দৌৰত উপায়ুক্ত আদিল খান, আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল , অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস , জিলা সদৰৰ বিভিন্ন বিভাগৰ বিষয়া - কৰ্মচাৰী , আৰক্ষী বাহিনী , বিদ্যালয় -মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী , ছাত্র- ছাত্রী , ক্ৰীড়াবিদ , ক্ৰীড়া সংগঠন আৰু স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে।উল্লেখ্য যে এই দিৱসৰ লগত সংগতি ৰাখি বঙাইগাঁও মহাবিদ্যালয় আৰু কন্যা মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী সকলৰ দ্বাৰা স্থানীয় মায়াপুৰী আৰু পাগলাস্থান চ'কত জাতি,ধৰ্ম,হিংসা, বিদ্বেষ ভাব পৰিত্যাগ কৰি সকলোৱে একত্রিত ভাবে আগবাঢ়ি গৈ নতুন ভাৰত নিৰ্মাণৰ লক্ষ্যৰে সংকল্প লোৱাৰ উদ্দেশ্য আগত ৰাখি পৃথকে পৃথকে দুখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় । ইয়াৰ উপৰিও জিলা সদৰৰ অন্তৰ্গত উচ্চ মাধ্যমিক বিদ্যালয় সমূহৰ ছাত্র-ছাত্রী সকলৰ মাজত তৰ্ক আৰু ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় । প্ৰতিযোগিতাৰ বিষয় আছিল 'ৰাষ্ট্ৰীয় ঐক্য আৰু অখণ্ডতা'ত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ভূমিকা ।
- Log in to post comments
- 16 views