নৰেন শৰ্মা,বাহাৰঘাট:
কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত গড়পোত,সদৈকুছিত অহা ২-৭ নৱেম্বৰত ছদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে ৯৯ সংখ্যক শতবৰ্ষ প্ৰস্তুতি বৰ্ষ সাৰ্বজনীন শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজা উদযাপন কৰা হ'ব৷কাৰ্যসূচী অনুযায়ী ২ নৱেম্বৰৰ পুৱা পতাকা উত্তোলন,চাৰিগৰাকী বিশিষ্ট লোকৰ দ্বাৰা গছপুলি ৰোপণ,সন্ধিয়া ৰভাৰ দ্বাৰ উন্মোচন,প্ৰতিমা স্থাপন আৰু ষষ্ঠী পূজা,বিশিষ্ট লোকৰ দ্বাৰা বন্তি প্ৰজ্বলন,নিশা টোপধ্বনি৷৩ নৱেম্বৰৰ পুৱা উষা সংকীৰ্তন,সপ্তমী পূজাৰম্ভ,দেৱী বন্দনা,আয়তী নাম,আবেলি ওজাপালি, সন্ধিয়া বিশিষ্ট লোকৰ দ্বাৰা বন্তি প্ৰজ্বলন,জগদ্ধাত্ৰী পূজাৰ লগত জড়িত আৰু প্ৰয়াত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন,দেৱীৰ আৰতি,নিশা নাগাৰা নাম প্ৰদৰ্শন।৪ নৱেম্বৰৰ পুৱা উষা সংকীৰ্তন,অষ্টমী পূজা(প্ৰথম কল্প) আৰম্ভ,দেৱীৰ বন্দনা,আয়তী নাম,আবেলি ওজাপালি,সন্ধিয়া বিশিষ্ট লোকৰ দ্বাৰা বন্তি প্ৰজ্বলন,নিশা দেৱীৰ আৰতি,গোলোক কলিতা সোঁৱৰণী মঞ্চ উদ্বোধন,আধুনিক নৃত্য প্ৰতিযোগিতা।আধুনিক নৃত্যৰ প্ৰথম পুৰস্কাৰ বিপিন ডেকা সোঁৱৰণী নগদ তিনি হেজাৰ এক টকা, দ্বিতীয় পুৰস্কাৰ ভগৱান শইকীয়া সোঁৱৰণী নগদ দুই হেজাৰ এক টকা আৰু তৃতীয় পুৰস্কাৰ অৱলা কলিতা সোঁৱৰণী নগদ এক হেজাৰ এক টকা।৫ নৱেম্বৰৰ পুৱা উষা সংকীৰ্তন,অষ্টমী পূজা(দ্বিতীয় কল্প) আৰম্ভ,দেৱী বন্দনা,আয়তী নাম প্ৰতিযোগিতা আয়তী নাম প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ চিত্ৰবালা ডেকা সোঁৱৰণী নগদ তিনি হেজাৰ এক টকা,দ্বিতীয় পুৰস্কাৰ প্ৰেময়ন্তী বেজবৰুৱা সোঁৱৰণী নগদ দুই হেজাৰ এক টকা,তৃতীয় পুৰস্কাৰ নগদ এক হেজাৰ এক টকা প্ৰদান কৰিব৷সন্ধিয়া দেৱীৰ আৰতি।নিশা নাগাৰা নাম প্ৰদৰ্শন।৬ নৱেম্বৰৰ পুৱা উষা সংকীৰ্তন,নৱমী পূজা আৰম্ভ,দেৱী বন্দনা,দুপৰীয়া পূৰ্ণাহুতি।পূৰ্ণাহুতি প্ৰদান কৰিব সাংসদ কুইন ওজা,বিধায়িকা সুমন হৰিপ্ৰিয়া,বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা আৰু প্ৰথম মহিলা আৰক্ষী বিষয়া ৰেলুকা দত্ত বৰফুকনে৷পূৰ্ণাহুতিৰ পিচতে ৰাজহুৱা মহাশান্তি।আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰিব বিত্ত,স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পীয়ুষ হাজৰিকা,জলসিঞ্চন ৰাজ্যিক(স্বতন্ত্ৰ) ভৱেশ কলিতা,সাংসদ দিলীপ শইকীয়া,প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী,বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা,কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য,অৱসৰপ্ৰাপ্ত আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈ আদিয়ে৷পূৰ্ণাহুতিৰ পিচতে ভোগ বিতৰণ,আবেলি ওজাপালি,নিশা দেৱীৰ আৰতি,আমন্ত্ৰিত অতিথিৰ সম্বৰ্ধনা আৰু সাংস্কৃতিক সন্ধিয়া৷৭ নৱেম্বৰৰ পুৱা দশমী পূজা আৰম্ভ,ৰাজহুৱা শান্তি আৰু বলয় ধাৰন,ঘট বিসৰ্জন,আবেলি প্ৰতিমা বিসৰ্জন৷ইতিমধ্যে পূজা পৰিচালনা কৰাৰ বাবে অনন্ত হুজুৰীক সভাপতি,বাবুল কলিতা(সদৈকুছি)ক কাৰ্যকৰী সভাপতি,গগন পাটোৱাৰী,বসন্ত ডেকা(সদৈকুছি) দীনেশ দেৱ শৰ্মাক উপসভাপতি,তপন কুমাৰ কলিতা,প্ৰাঞ্জল ডেকাক সাধাৰণ সম্পাদক,অসীম ডেকা,ভৃগু ডেকা আৰু ত্ৰিলোচন ডেকাক সহঃসাধৰন সম্পাদক হিচাবে লৈ এখন সমিতি গঠন কৰিছে৷
- Log in to post comments
- 4 views