বুধবাৰে মাজনিশাৰে পৰা সমাপ্ত হ'ল জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা

Pic

বুধবাৰে মাজনিশাৰে পৰা জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা সমাপ্ত হ'ল।'অনুচ্ছেদ-৩৭০'ৰ জড়িয়তে লাভ কৰা বিশেষ মৰ্যাদা সংসদে সমাপ্ত কৰাৰ ৮৬ দিনৰ পিছত এই সিদ্ধান্ত বুধবাৰে নিশাৰে পৰা কাৰ্যকৰী কৰা হয়।গৃহ মন্ত্ৰণালয়ে বুধবাৰে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰে।বুধবাৰৰ মাজনিশাৰে পৰা জম্মু-কাশ্মীৰ আৰু লাডাখ দুখন কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে স্বীকৃৃৃত হ'ল।ইফালে,আজি জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল হিচাপে গিৰীশ চন্দ্ৰ মুৰ্মূ আৰু লাডাখৰ উপ-ৰাজ্যপাল হিচাপে আৰ কে মাথুৰে দায়িত্ব গ্ৰহণ কৰিব।

Your Comments