কাশ্মীৰ ভ্ৰমণলৈ অহা ইউৰোপিয়ান ইউনিয়নৰ সাংসদৰ দলে(ফ্ৰান্স, পোলেণ্ড আদি বিভিন্ন দেশৰ)কাশ্মীৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে।কাশ্মীৰৰ বিভিন্ন প্ৰান্তৰ তথা ডাল হ্ৰদৰ দৰে বিখ্যাত পৰ্যটনস্থলী ভ্ৰমণৰ পিছত সাংসদসকলে কয় যে কাশ্মীৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ স্থিতিৰ সমৰ্থনত আছে তেওঁলোক।কাশ্মীৰক আফগানিস্তানৰ ৰূপত প্রত্যক্ষ কৰিবলৈ নিবিচাৰে বুলি তেওঁলোকে সংবাদ মাধ্যমৰ আগত কয়।তেওঁলোকে বিশ্বৰ বিভিন্ন দেশৰ নাগৰিকসকলক কাশ্মীৰ ভ্ৰমণলৈ আহিবলৈ আহ্বান জনায়।সাংসদ আছাদুদ্দিন অৱেছিয়ে ইউৰোপিয়ান ইউনিয়নৰ সাংসদৰ দলটোক নাজী আখ্যা দিয়াৰ প্ৰত্যুত্তৰত তেওঁলোকে কয় যে তেওঁলোক নাজী নহয়।তেওঁলোক নাজী হোৱা হ'লে জনতাই নিৰ্বাচন নকৰিলেহেতেন।
- Log in to post comments
- 13 views