বঙাইগাঁৱৰ প্ৰতিবেদক:
বঙাইগাঁও জিলাৰ সৰ্বত্ৰে মুকলিভাৱে চলি থকা জুৱা খেলৰ বিৰুদ্ধে বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত মঙলবাৰে ৰাজ পথত জুৱা খেলি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বঙাইগাঁও চহৰৰ বৰপাৰাৰ ৰাজ পথত প্ৰতীকি ঝাণ্ডি মুণ্ডা জুৱা খেলি প্ৰশাসনৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে জিলাখনৰ চাৰিও ফালে ব্যাপক হাৰত চলি থকা জুৱাৰ দৰে অসামাজিক কাৰ্যকলাপ অতিশীঘ্ৰে বন্ধ কৰাৰো দাবী জনায় ৷ উল্লেখ্য যে বঙাইগাঁও জিলাত পূজা আৰু জুৱা একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি হৈ পৰিছে ৷ য'তে পূজা হয় তাতে জুৱা খেল অনুষ্ঠিত হৈ আহিছে ৷ আনকি বৰ্তমান এনে এটা পৰ্যায় আহি পৰিছে যে জুৱা খেল অনুষ্ঠিত কৰাৰ বাবেই ঠায়ে ঠায়ে বিভিন্ন পূজা অনুষ্ঠিত কৰিবলৈ লৈছে। কিন্তু এই অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত জিলাৰ আৰক্ষী প্ৰশাসনৰ লগতে সাধাৰণ প্ৰশাসনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ ইয়াৰ ফলত সমাজত বৃদ্ধি পাইছে বিভিন্ন অপৰাধ ৷ জুৱা খেলত সৰ্বস্বান্ত হোৱাৰ পিচত বহুতো লোকৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ ৷ ইমানৰ পিচতো কিন্তু খোদ বঙাইগাঁও চহৰৰ লগতে জিলাখনৰ গাঁৱে- ভুঞে চলি আহিছে সমাজধ্বংসকাৰী জুৱাৰ প্ৰচলন ৷ এইবোৰ দেখিও নীৰৱ ভূমিকা পালন কৰি আহিছে প্ৰশাসন ৷ সেয়ে অৱশেষত প্ৰশাসনৰ নিষ্ক্ৰীয় ভূমিকাত ক্ষুদ্ধ হৈ বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ পথৰ ওপৰতে বহি জুৱাৰ বিৰুদ্ধে প্ৰতীকি জুৱা খেলি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱ নাথে প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয় যে বঙাইগাঁও জিলাখনৰ চুকে কোনে ,চহৰে- নগৰে আৰু গাঁৱে-ভুঞে যোৱা কিছুদিন ধৰি ব্যাপকভাৱে ঝাণ্ডি- মুণ্ডা জুৱা খেল চলি আছে ৷ এই ক্ষেত্ৰত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক , প্ৰতিখন থানা আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ লগতে অন্যান্য আৰক্ষী বিষয়াসকল ধনৰ বিনিময়ত মেনেজ হৈ আহিছে ৷ তেওঁলোকে কমিচনৰ অংকত কেতিয়াও জুৱাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ৷ আমি বাৰে বাৰে আৰক্ষী প্ৰশাসনক অভিযোগ দিয়াৰ পিচতো তেওঁলোকে জুৱা খেল বন্ধ নকৰে ৷ যাৰ বাবে এতিয়া গোটেই বঙাইগাঁও জিলাখনত জুৱা খেলৰ ব্যাপক প্ৰচলন হৈছে আৰু বঙাইগাঁওখন এতিয়া জুৱা খেলৰ বাবে বিখ্যাত হৈ পৰিছে ৷ দুৰ্গা পূজাত জুৱা হ'ল ,লক্ষ্মী পূজাত জুৱা হ'ল আৰু এতিয়া কালী পূজাৰ নামত চুবুৰীয়ে চুবুৰীয়ে , চহৰৰ অলিয়ে গলিয়ে জুৱা খেল চলি আছে ৷ বাৰে বাৰে আৰক্ষী প্ৰশাসনক আবেদন নিবেদন কৰাৰ পিচতো জুৱা খেল বন্ধ নকৰাৰ ফলত এতিয়া বঙাইগাঁও চহৰত দৈনিক মটৰ চাইকেল চুৰিৰ ঘটনা সংঘটিত হয় ,দৈনিক পথচাৰী মহিলাৰ ডিঙিৰ পৰা চিলনী চোৰে সোণৰ চেইন কাঢ়ি নিয়া ,ঘৰত দিন ডকাইতি আদি ঘটনা বৃদ্ধি পাইছে ৷ এইবোৰ ঘটনা মূলতে জুৱা খেলৰ বাবেই হৈ আহিছে ৷ কিন্তু প্ৰশাসনে এই জুৱা খেল বন্ধ নকৰে ৷ জিলাখনত দৈনিক অনুষ্ঠিত হৈ থকা এই জুৱা খেলৰ পৰাই আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ পৰা আৰক্ষী অধীক্ষক তথা উপ আৰক্ষী মহাপৰিদৰ্শকজনলৈ ধনৰ ভাগ যায় বুলিও সংগঠনটোৱে অভিযোগ উত্থাপন কৰে ৷ লগতে তেওঁলোকে অভিযোগ কৰি কয় যে বঙাইগাঁও জিলাত বহু আৰক্ষী অধীক্ষক দেখিলো যদিও বৰ্তমানৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালৰ দৰে অপদাৰ্থ আৰু অকৰ্মণ্য আৰক্ষী অধীক্ষক আমি কাহানিও দেখা নাছিলোঁ ৷ বঙাইগাঁও জিলাত প্ৰতিনিদিনে এশ- ডেৰশখনমানকৈ জুৱা হয় আৰু প্ৰতিখন জুৱাৰ পৰা তেওঁলোকে এক লাখ- দুই লাখ টকাকৈ সংগ্ৰহ কৰে আৰু সেই জুৱাৰ টকাৰে এতিয়া বঙাইগাঁও আৰক্ষী চলি আহিছে ৷ সেয়ে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনতি পলমে এই জুৱা খেল সমূহ বন্ধ কৰিবলৈ দাবী জনাইছো ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদকগৰাকীয়ে ৰাজ্যৰ গৃহ বিভাগক বঙাইগাঁও জিলাৰ বৰ্তমানৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালক অতি শীঘ্ৰে জিলাখনৰ পৰা বদলি কৰিবলৈয়ো দাবী জনায় ৷ এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ বৰ্তমানৰ আৰক্ষী অধীক্ষকগৰাকীয়ে বঙাইগাঁও জিলাখনত চলি থকা জুৱা খেল বন্ধ কৰাত আৰু জিলাখনত চলি থকা অপৰাধবিলাক নিৰ্মূল কৰাত অক্ষম হৈছে ৷ আনহাতে কাৰ্যসূচীত অংশ গ্ৰহণ কৰা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয় যে বঙাইগাঁৱৰ বিভিন্ন অঞ্চলত চলি থকা জুৱাত আৰক্ষীয়ে জুৱাৰুসকলক সুৰক্ষা প্ৰদান কৰি অহা পৰিলক্ষিত হৈছে ৷ ইয়াত উপায়ুক্ত,আৰক্ষী অধীক্ষক আৰু বঙাইগাঁৱৰ কেবিনেট মন্ত্ৰীৰ প্ৰত্যক্ষ সহযোগতে বঙাইগাঁৱত জুৱা খেল চলি আছে বুলি অভিযোগ কৰাৰ লগতে বঙাইগাঁৱত যিমান অপকাণ্ড চলি আছে এইকেইজন লোকৰ পৃষ্ঠপোষকতাতে চলি আছে বুলিও অভিযোগ কৰে ৷ যুৱ নেতাজনে অনতি পলমে বঙাইগাঁও জিলাৰ বৰ্তমানৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক বদলি কৰিবলৈকো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায় ৷ ইপিনে কাৰ্যসূচীত অংশ লোৱা এজন সচেতন যুৱকে কয় যে বঙাইগাঁৱত পূৰ্বেও জুৱা খেল অনুষ্ঠিত হৈছিল ৷ কিন্তু বৰ্তমানৰ দৰে এনেকৈ খোলা- মেলাভাৱে কেতিয়াও জুৱা হোৱা নাছিল ৷ যাৰ বাবে আমি লজ্জিত হৈ পৰিছো ৷ এনে দৃশ্য দেখি আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক ফোন কৰাৰ পিচতো তেওঁলোকে ফোন ৰিচিভ নকৰা বুলিও অভিযোগ কৰে ৷ লগতে বঙাইগাঁৱত যিমানবোৰ জুৱা খেল অনুষ্ঠিত হৈছে সকলোবোৰ আৰক্ষীৰ সন্মুখতে চলি থকা বুলিও অভিযোগ কৰে ৷ উল্লেখ্য যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথম অৱস্থাত এই প্ৰতিবাদী কাৰ্যসূচী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰাৰ কথা আছিল ৷ যাৰ বাবে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বৃহৎ দল এটা সাজু কৰি ৰখা পৰিলক্ষিত হয় ৷ কিন্তু এই কথা জানিব পাৰি সংগঠনটোৱে লগে লগে স্থান সলনি কৰি বৰপাৰাৰ মূল ৰাজ পথৰ ওপৰতে এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই বিষয়ে ভুকে নাপালে আৰক্ষীয়ে ৷ অৱশ্যে কাৰ্যসূচীৰ শেষৰ ফালে আৰক্ষী উপস্থিত হয় আৰু সংগঠনটোৰ সদস্যসকলে ব্যৱহাৰ কৰা এখন বগা কাগজ জব্দ কৰিয়েই ক্ষান্ত থাকিবলগীয়া হয় ৷
- Log in to post comments
- 42 views