পহুগড়ত বনভোজ খোৱা,মাছ ধৰা,আৱৰ্জনা পেলোৱা আৰু লাউড স্পীকাৰ বজোৱা নিষিদ্ধ কৰিলে প্ৰশাসনে

শিৱসাগৰৰ পৰা কল্যাণ জ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :

শিৱসাগৰৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই যোৱা ২৮ অক্টোবৰত জাৰি কৰা এক আদেশ যোগে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইন,১৯৭৩ৰ ১৪৪ ধাৰাৰ অধীনত জিলাখনৰ পহুগড় অঞ্চলত বনভোজ, অবৈধভাৱে মাছ ধৰা, চিকাৰ কৰা, আৱৰ্জনা পেলোৱা আৰু লাউড স্পীকাৰ বজোৱা ইত্যাদি কাৰ্য্য নিষিদ্ধ কৰিছে।

জয়সাগৰৰ নিকটৱৰ্তী পহুগড় অঞ্চলত শেহতীয়াকৈ বৃদ্ধি পোৱা এইসমূহ কাৰ্যকলাপৰ বাবে পৰিভ্ৰমী আৰু স্থানীয় পক্ষীবোৰৰ বাবে   অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে এই সমূহ পক্ষীৰ বাহ সজা, জিৰণি লোৱা, খাদ্য সংগ্ৰহ ইত্যাদিতো বাধাৰ সৃষ্টি হৈছে। 

জিলা দণ্ডাধীশ গৰাকীয়ে জাৰি কৰা এই নিষেধাজ্ঞা তৎকালীনভাৱে লাগু হোৱাৰ লগতে আৰু অহা ৬০ দিনলৈ বা পৰৱৰ্তী আদেশ নিদিয়ালৈকে বাহাল থাকিব বুলি উল্লেখ কৰিছে। এই নিষেধাজ্ঞা অমান্য কৰা সকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও নিৰ্দেশটোত উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে, আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰাকৃতিক চিৰিয়াখানা ৰূপে গঢ় দিয়া জিলাখনৰ পহুগড় অঞ্চললৈ শীতকালত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে। কিন্তু শেহতীয়াকৈ বৃদ্ধি পোৱা বনভোজ, চিকাৰ, আৱৰ্জনা পেলোৱা আদি কাৰ্য্য-কলাপৰ বাবে অঞ্চলটোলৈ পৰিভ্ৰমী পক্ষীৰ আগমনৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে।

Your Comments