চৰাইদেউৰ পৰা ঘন বৰাৰ প্রতিবেদন :
চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ সমীপত সোণাৰিৰ নগানদী বনগাঁওত অইল ইণ্ডিয়া লিমিটেডে এটা তেল খাদ স্থাপন কৰিবলৈ লোৱাত সৰৱ হৈ উঠিছে গুৱালাপথাৰ আঞ্চলিক উন্নয়ন সমিতি, কৃষক শ্ৰমিক সুৰক্ষা সমিতিৰ লগতে স্থানীয় ৰাইজ। উল্লেখ্য যে চুবুৰীয়া ৰাজ্য নাগালেণ্ডেয়ো দীৰ্ঘদিন ধৰি অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ ভুমি বেদখলৰ চেষ্টা অব্যাহত ৰাখিছে। যাৰ ফলত সংৰক্ষিত বনাঞ্চলখন ক্ৰমে সংকুচিত হৈ অহাৰ লগতে জীৱ কুলৰ প্ৰতিয়ো তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। তেনে সময়তে নগানদী বনগাঁওৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি অইল ইণ্ডিয়া লিমিটেডে তৈল খাদ স্থাপন কৰিবলৈ বিচৰা কাৰ্যত সৰৱ হৈ উঠিছে জনসাধাৰণ। আনহাতে অইল ইণ্ডিয়া লিমিটেডৰ গধুৰ গধুৰ যান-বাহন আহ-যাহ কৰাৰ ফলত অঞ্চলটোৰ বাটপথসমূহো বিধ্বস্ত হৈ উঠিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ বিনস্ত নকৰাকৈ নতুন প্ৰকল্প স্থাপনৰ প্ৰতিশ্ৰুতি তথা বাট-পথৰ দায়িত্ব গ্ৰহণৰ ক্ষেত্ৰতো অইল ইণ্ডিয়া লিমিটেডৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে জনসাধাৰণে।
- Log in to post comments
- 22 views