'সমন্বয় মঞ্চ'ৰ উদ্যোগত ঘগ্ৰাপাৰত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথি উদযাপনৰ প্ৰস্তুতি

Bhupen Daa

নৰেন শৰ্মা,বাহাৰঘাট :

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বুকুত জন্ম লাভ কৰা 'সমন্বয় মঞ্চ'ই জন্মলগ্নৰে পৰা বিভিন্ন সামাজিক কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে যাযাবৰী শিল্পী ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ দিনটোক 'দেহাৱসান তিথি' হিচাপে পালন কৰি আহিছে ৷ এইবেলিও অহা ৫ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে ড° হাজৰিকাৰ অষ্টম বাৰ্ষিক দেহাৱসান তিথিটো পালনৰ আয়োজন কৰা হৈছে ৷ কাৰ্যসূচী অনুসৰি পূৱাৰ ভাগত মঞ্চৰ পতাকা উত্তোলন কৰিব সমন্বয় মঞ্চৰ সভাপতি হামিদ আলীয়ে ৷ স্মৃতি তৰ্পণ কৰিব নলবাৰী জিলা পৰিষদৰ সদস্য পংকজ ডেকাই , মাল্যাৰ্পণ কৰিব ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক মনহৰি কলিতাই ৷ শ্বহীদ তৰ্পণ কৰিব বিশিষ্ট কবি ভূপেন তালুকদাৰে , মাল্যাৰ্পণ কৰিব সংগীত শিল্পী যোগেন মল্ল বৰুৱাই ৷ গছ পুলি ৰোপণ কৰিব ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী আৰু নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই ৷ ড° হাজৰিকাৰ ৰেকৰ্ডিং গীত দিনযোৰা কাৰ্যসূচীৰে পৰিৱেশনৰ শুভ উদ্বোধন কৰিব ১৩নং ঘগ্ৰাপাৰ গাওঁ পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাই ৷ কথা আৰু গীতেৰে সশ্ৰদ্ধ সোঁৱৰণ অনুষ্ঠানত সন্ধিয়া ৫ -৩০ বজাত ড° হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱাই , মাল্যাৰ্পণ কৰিব নৰ্থ- ইষ্ট কেঞ্চাৰ প্ৰতিষ্ঠানৰ সঞ্চালক গণেশ তামুলীয়ে ৷ ৫-৪৫ বজাত নিমন্ত্ৰিত অতিথি আৰু ৰাইজৰ বন্তি প্ৰজ্বলন অনুষ্ঠানত মুখ্য প্ৰজ্বালক হিচাপে অংশগ্ৰহণ কৰিব মেডিচিন আৰু ডাইবেটিছ বিশেষজ্ঞ তথা স্পৰ্শ হাস্পতালৰ মুখ্য পৰিচালন সঞ্চালক ডা° ভৰত বৈশ্য ৷ ৬ বজাত গীত আৰু কথাৰ অনুষ্ঠানত মুখ্য অতিথিৰ আসনত থাকিব মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ৷ বিশিষ্ট অতিথিৰ আসনত থাকিব নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী আৰু আমন্ত্ৰিত অতিথিৰ আসনত থাকিব বিশিষ্ট চকু চিকিৎসক ডা° শুভ্ৰকিংকৰ গোস্বামী ৷ দিনযোৰা কাৰ্যসূচীৰে ৰূপায়ণ কৰিবলৈ লোৱা ড° হাজৰিকাৰ দেহাৱসান তিথিটো সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সৰ্বস্তৰৰ ৰাইজৰ আন্তৰিক সহযোগিতা সমন্বয় মঞ্চই শ্ৰদ্ধাৰে কামনা কৰিছে ৷

Your Comments