ৰাজীৱ পাতিৰ, মাজুলী :
সেচ্ছাসেৱী সংগঠন ৰুৰেল ভলন্টিয়াৰ চেন্টাৰ (গ্ৰাম্য সেচ্ছাসেৱক কেন্দ্ৰ) চমুকৈ আৰভিচিৰ উদ্যোগত ইউনিছেফ আৰু মাজুলী দুৰ্যোগ প্ৰশমন বিভাগৰ সহযোগত নামনি মাজুলীৰ আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজ্যৰ প্ৰথমখন শিশু পঞ্চায়ত গাঁও সভা সোমবাৰে অনুষ্ঠিত হয় । সংবিধানে প্ৰদান কৰা শিশুৰ বিভিন্ন অধিকাৰ সন্দৰ্ভত শিশুসকলে তেওঁলোকৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ দিনৰ বাৰ বজাৰ পৰা কৰতিপাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিতুমনি দলে লাগাছুৰ সঞ্চালনাত এই অনুষ্ঠান অনুষ্ঠিত হয়। আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা আৰম্ভণি গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটো উদ্বোধন কৰে মাজুলী জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া দিব্যজ্যোতি শইকীয়াই । আৰ ভি চিৰ সঞ্চালক লুহিত গোস্বামীয়ে আদৰণি ভাষণত ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰসমূহৰ ওপৰত ব্যাখ্যা কৰি কয় যে শিশুসকলৰ জীয়াই থকাৰ অধিকাৰ,অধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ দিছে সংবিধানে কিন্তু বহু সময়ত বিভিন্ন বিভাগে শিশুসকলৰ সুযোগ সুবিধাৰ কাৰ্যৰূপ প্ৰদানৰ বাবে অনীহা প্ৰকাশ কৰি আহিছে । এই পৰিপ্ৰেক্ষিতত এই শিশু পঞ্চায়ত তথা গাঁও সভা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰাৰ কথা ব্যক্ত কৰে সেচ্ছাসেৱী সংস্থাৰ সঞ্চালকগৰাকীয়ে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত নৰেন দাস, বিশিষ্ট অতিথি হিচাপে মাজুলী জনস্বাস্হ্য কাৰীকৰি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰবীণ কুমাৰ সন্দিকৈ,মাজুলী উন্নয়ন খণ্ড,কমলাবাৰীৰ খণ্ড উন্নয়ন বিষয়া প্ৰণৱ বৰা,মাজুলী জিলা পৰিষদৰ উপ-সভাপতি ৰাজশেখৰ দলে, উপস্থিত থাকি শিশুৰ অধিকাৰ প্ৰদান আৰু ইয়াৰ বাবে বিভিন্ন বিভাগসমূহে গ্ৰহণ কৰিব লগা বিভিন্ন দিশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় । আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু কৰতিপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি কৰতিপাৰ গাঁও পঞ্চায়তৰ সামাজিক, সম্পদ আৰু বিপদসংকুল মানচিত্ৰৰ জৰিয়তে ইয়াৰ বিভিন্ন সমস্যাসমূহ প্ৰদৰ্শন কৰে । আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্হায়ী গৃহৰ সমস্যা,কৰতিপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শৌচাগাৰ-প্ৰস্তাৱগাৰৰ সমস্যা,ওখলচুকৰ পৰা বিস্তৃত অঞ্চলত যাতায়াতৰ সমস্যা,উপযুক্ত খেলপথাৰ,গ্ৰন্থাগাৰ,বিজ্ঞানাগাৰ,বিদুৎ,টাৱাৰ সমস্যা আদিকে ধৰি কুৰিটা সমস্যাৰ কথা উথাপন কৰি ইয়াৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ এক স্মাৰক পত্ৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিতুমনি দলে লাগাছুৰ হাতত অৰ্পণ কৰে শিক্ষাৰ্থীসকলে । অনুষ্ঠানত জীতা বৰাৰ সংগীতে সকলো দৰ্শকক আপ্লুত কৰে । কৰতিপাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ ৰঞ্জিত কাগয়ুং,কৰতিপাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা মনিতা লাগাছু,আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কমল বৰা,আৰভিচিৰ খণ্ড সমন্বয়ক ব্ৰজেন পেগুৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,জনস্বাস্হ্য কাৰীকৰি,স্বাস্থ্য,শিক্ষা, সমাজ কল্যাণ আদিকে ধৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী উক্ত অনুষ্ঠানত উপস্থিত থাকে ।
- Log in to post comments
- 49 views