শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
'হাইলাকান্দি সমষ্টিৰ গাঁও-চহৰ সকলোতে মোৰ কাৰ্যকালত হৈছে যথেষ্ট উন্নয়নমূলক আঁচনিৰ কাম। হাইলাকান্দিৰ মানুহৰ আশীৰ্বাদত মই মৃত্যুমুখৰ পৰা সুস্থ হৈ আজি পুনৰ ৰাইজৰ মাজলৈ আহিব পাৰিছোঁ।কিছুদিন মই সমষ্টিত অনুপস্থিত থাকিলেও সমষ্টিৰ উন্নয়নমূলক আঁচনিৰ কাম-কাজ কেতিয়াও স্থবিৰ হোৱা নাই।'সোমবাৰে দিছপুৰৰ নিজৰ বিধায়ক আৱাসতে 'নিউজ এএছএন'ৰ আগত এই মন্তব্য কৰে বৰাকৰ অন্যতম প্ৰতিবাদী বিধায়ক হিচাপে খ্যাত হাইলাকান্দিৰ এআইইউডিএফ দলৰ বিধায়ক আনোৱাৰ হোছেইন লস্কৰে।
হাইলাকান্দিত ইদানিং পথ নিৰ্মাণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা অৰ্থাৎ 'আছু'ৰ আন্দোলনক 'নাটক' বুলি আখ্যায়িত কৰে বিধায়ক আনোৱাৰে।এই বিষয়টোক লৈ
ৰসাত্মক ভঙ্গীমাৰে বিধায়কগৰাকীৰ মন্তব্য-'হাইলাকান্দিত কিছুমান সংগঠনৰ একো কাম নাই। তেওঁলোকে আন্দোলন নকৰিলে নহয়।'
ইফালে ২০২১ত তেওঁ পুনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী হ'ব,এইটো খাটাং বুলি উল্লেখ কৰে। লগতে তেওঁ পুনৰ কয় যে হাইলাকান্দিৰ মানুহে তেওঁৰ কামৰ বিনিময়ত 'তলা-চাবিত' ভোট দি পুনৰবাৰ তেওঁকেই যে জিকাব সেইটো খাটাং।
- Log in to post comments
- 30 views