বৰপেটাৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন:
সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাৰ সহযোগত আৰু 'আমি বৰপেইটা ফেচবুক ফ'ৰাম'ৰ উদ্যোগত আয়োজন কৰা হৈছে তৃতীয় 'বৰপেটা গ্ৰন্থ উৎসৱ-২০২০'ৰ ৷ আগন্তুক বৰ্ষৰ ২৪ৰ পৰা ২৮ জানুৱাৰীলৈ পাঁচদিনীয়া বিস্তৃত কাৰ্যক্ৰমনিকাৰে বৰপেটা বিদ্যাপীঠ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থ উৎসৱৰ কাৰণে প্ৰিয়ৰঞ্জন দাসক সভাপতি , ডাঃ কমল কৃষ্ণ দাসক কাৰ্যকৰী সভাপতি , দেৱৰাজ দাস আৰু কনকেশ্বৰ দেৱ শৰ্মাক উপ- সভাপতি, বিদ্যুৎ কুমাৰ দাসক মুখ্য সম্পাদক , হৰিশ মজুমদাৰ আৰু বিভুৰঞ্জন ভডা়লীক যুটীয়া সম্পাদক হিচাপে লৈ ১৪ খন উপ-সমিতিসহ এখন গ্ৰন্থ উৎসৱ উদযাপন সমিতি গঠন কৰা হৈছে ৷ গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি 'হাৰিজান' নামৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰো যো-জা কৰা হৈছে ৷ হাৰিজানৰ সম্পাদিকা মৃদুস্মিতা গোস্বামীয়ে ইচ্ছুক লেখক- লেখিকাসকলক ভিন্ন বিষয়ক লেখা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে।তদুপৰি, গ্ৰন্থ উৎসৱৰ কেইদিনত কুইজ, আবৃত্তি,চিত্ৰাংকন,চুটি গল্প আৰু কবিতা লিখা আদি কেবাটাও প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি মুখ্য সম্পাদক বিদ্যুৎ কুমাৰ দাসৰ পৰা জানিব পৰা গৈছে ৷ ৰাজ্যিকভিত্তিক আয়োজিত চুটি গল্প আৰু কবিতাসমূহ ৩১ ডিচেম্বৰৰ ভিতৰত নিন্মোক্ত ঠিকনাত পোৱাকৈ পঠাবলৈ অনুৰোধ জনাইছে। যোগাযোগৰ ঠিকনা - সম্পাদক,প্ৰতিযোগিতা উপ - সমিতি ,তৃতীয় বৰপেটা গ্ৰন্থ উৎসৱ ,বৰপেটা মেটেলছ,ভগৱান বজাৰ , বিবি ৰোড , মৰানদীৰ পাৰ ,বৰপেটা
( অসম ) , নাইবা জয়ন্তী ষ্টোৰ্চ,বৰপেটা বৰবজাৰ ,বৰপেটা ( অসম ),ডাক সূচাংক ৭৮১৩০১ ৷ সবিশেষ জানিবলৈ ভ্ৰাম্যভাষ নম্বৰ হ'ল - ৮৬৩৮৫০২১৯০ নাইবা ৯৪৩৫২৬৭৩৭৬ ৷
- Log in to post comments
- 5 views