নৰেন শৰ্মা,বাহাৰঘাট :
কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ বাৰাংহাটীত দুদিনীয়াকৈ ১৩৫ সংখ্যক কালীপূজা অনুষ্ঠিত হৈছে৷মঙলবাৰে পুৱাৰে পৰা বহু ভক্তই নৈবদ্য দি,বন্তি প্ৰজ্বলন কৰি ভক্তিত গদ গদ হৈ পৰা পৰিলক্ষিত হয়৷পূৰ্বৰে পৰা চলি অহা এই পূজাখনত বৰ্তমান ব্যাপক হাৰত ভক্তৰ সমাগম বৃদ্ধি হৈ গৈ আছে বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে৷উক্ত পূজাথলীত শেহতীয়াকৈ বহু ৰাজনৈতিক নেতাৰ সমাগমো লক্ষণীয় হৈ পৰিছে।ইয়াৰ ভিতৰত যুৱ কংগ্ৰেছী নেতা বাপুকণ আলীয়ে টোপধ্বনি কাৰ্য্যসূচী উদ্বোধন কৰি কয় যে শান্তি আৰু সমন্বয়ৰ বাণীৰে উদযাপন কৰা সকলো ধৰ্মীয় অনুষ্ঠানে সমাজৰ আসুৰিক শক্তিক পৰাভূত কৰে৷তেওঁ লগতে কয় যে ধৰ্মক লৈ কৰা ৰাজনীতি কেতিয়াও দীৰ্ঘস্থায়ী নহয়৷
- Log in to post comments
- 50 views