আবতৰীয়া বানত গোলাঘাটত স্তব্ধ ৰেল সেৱা

Pic

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:

অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে গোলাঘাটতো বিগত তিনিদিন ধাৰাসাৰে বৰষুণ দিয়াৰ ফলত আবতৰীয়া বানৰ কৱলত পৰিছে বহু অঞ্চল। দেওবাৰে নিশা ফৰকাটিং জংচনত যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। ধনশিৰি নদীৰ বাঢ়নি পানীৰ ফলত বহু ঠাইত ৰেল সেৱা স্তব্ধ হৈ পৰে।বোকাজান আৰু চূঙাজানৰ মাজত অৱস্থিত বি -২৮৩ নম্বৰৰ দলংখনৰ ওপৰেদি বাঢ়নি পানী বাগৰি যোৱাত উজনি আৰু নামনিৰ যোগাযোগ স্তব্ধ হৈ পৰে । ফলত ফৰকাটিং জংচনত লিডু-গুৱাহাটী ইন্টাৰচিটী এক্সপ্ৰেছ আৱদ্ধ হৈ পৰাত ৰেলযাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।উল্লেখযোগ্য যে ৰেল সেৱা ব্যাহত হোৱা সম্পৰ্কত ৰেল কৰ্তৃপক্ষই যাত্ৰীসকলক অৱগত নকৰাৰ ফলত যাত্ৰীসকল ক্ষোভিত হৈ পৰে।

Your Comments