সাংসদ দিলীপ শইকীয়াৰ জন্মগাঁঁৱত সেউজ দীপাৱলী উদযাপন 

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ জন্মগাঁঁও নলবাৰী সমষ্টিৰ    পূৰ্ণকামদেৱত দেওবাৰে সন্ধিয়া কেইবাসহস্ৰাধিক মাটিৰ চাকি জ্বলাই দীপাৱলী উদযাপন কৰে৷বৰলীয়া নৈৰ পশ্চিম দিশৰ মঠাউৰিৰ বাহাৰঘাটৰ পৰা চমুখাঘাটলৈ দুয়োকাষে বাঁঁহ পুতি চাকি জ্বলাই পৰিৱেশ আকৰ্ষনীয় কৰি তোলে৷পুৱা গাওঁখনৰ সকলো ডেকা-বুঢ়া-জীয়ৰী-বোৱাৰীয়ে দীপাৱলীৰ বাবে উঠিপৰি লাগি পৰে৷সন্ধিয়া হোৱাৰ লগে লগে সকলোৱে উৎসাহেৰে চাকিসমূহ প্ৰজ্বলন কৰে।চাকি জ্বলাই গাওঁবাসীৰ এজন উদ্যোক্তাই কয় যে আমাৰ গাঁঁৱত জন্মগ্ৰহণ কৰি দিলীপ শইকীয়া সাংসদ হ'বলৈ সক্ষম হৈছে৷আমি তাতে পৰম আনন্দ অনুভৱ কৰিছোঁঁ৷গাওঁবাসীয়ে শইকীয়াৰ ৰাজনৈতিক জীৱন সুখ আৰু আনন্দৰে ভৰপূৰ হোৱাৰ কামনা কৰাৰ লগতে সকলো ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ প্ৰাৰ্থনা জনাই কেইবাসহস্ৰাধিক বন্তি প্ৰজ্বলন কৰে৷উল্লেখযোগ্য যে উক্ত দীপাৱলীত মাটিৰ চাকিৰ বাহিৰে অন্য কোনো ধৰনৰ  ৰংচঙীয়া সামগ্ৰী বা ফটকা ব্যৱহাৰ কৰা হোৱা নাছিল৷

Your Comments