বাক্সা জিলাৰ সস্তৰত বিশেষভাৱে সক্ষম যুৱকৰ কাব্যগ্ৰন্থ উন্মোচন

Pic

জালাহৰ পৰা গুঞ্জন দাসৰ প্ৰতিবেদন :

'কেতিয়াবা ভগৱানে কিছুমান মানুহক এনে কিছুমান গুণ দিয়ে,যাৰ বাবে ভিৰৰ মাজত থাকিও তেওঁ একক ,অনন্য আৰু অদ্বিতীয় হৈ থাকে । পৃথককৈ উজলি থাকে।'দেওবাৰে বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত বাক্সাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত সস্তৰ গাঁঁৱৰ বিশেষভাবে সক্ষম যুৱ কবি ধ্ৰুৱজ্যোতি দাসৰ দ্বিতীয় কাব্য গ্ৰন্থ 'ৰঙা মদাৰৰ উচুপনি' উন্মোচন কৰি দিয়া ভাষণত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই এনেদৰে কয় । ভাষণ প্ৰসঙ্গত তেওঁ কয় যে আকাশত নিশাৰ আন্ধাৰত কোটি-কোটি তৰা থাকে , কিন্তু তাৰ ভিতৰত  ধ্ৰুৱ তৰাহে উজলি থাকে । ঠিক তেনেদৰে ইয়াত থকা শ শ যুৱক - যুৱতীৰ মাজত ধ্ৰুৱজ্যোতিহে ধ্ৰুৱ তৰা হৈ জিলিকি আছে ।

Pic

উল্লেখযোগ্য যে খোজ কাঢ়িব নোৱাৰা , লিখিব নোৱাৰা ধ্ৰুৱজ্যোতিয়ে কবিতাবোৰ অইনৰ হতুৱাই লিখে , তেওঁ কৈ থাকে আৰু আনে লিখি যায় । আনহাতে ধ্ৰুৱজ্যোতিৰ দেউতাক তথা মাণিকপুৰ ডেকা সত্ৰৰ সত্ৰাধিকাৰ কপিল দাসে ধ্ৰুবজ্যোতিৰ কবিতাৰ বিষয়ে উল্লেখ কৰি কয় যে মনৰ ভিতৰতে তেওঁ কবিতা এটা জুকিয়াই লয় আৰু আনৰ হতুৱাই লিখায় । উক্ত গ্ৰন্থ উন্মোচনী সভাত শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা বঁটা প্ৰাপক দশৰথ দাসেও বিশেষভাৱে সক্ষম যুৱ কবিগৰাকীৰ বিষয়ে চমুকৈ কয় । বাক্সা জিলা সাহিত্য সভাৰ সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত  এই কাব্যগ্ৰন্থ উন্মোচনী সভাত জালাস্থিত বি বি কিষাণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° সৰোজ মোহন দাসে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । সভাত  বাক্সা জিলা সাহিত্য সভাৰ সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকাই বৰ্তমান যুৱক - যুৱতীসকলে  কিতাপ নপঢ়াত আক্ষেপ প্ৰকাশ কৰে আৰু সেইসকল যুৱক - যুৱতীয়ে মোবাইলৰ নেটৰ নামত কিন্তু দৈনিক টকা খৰচ কৰিবলৈ হেলা নকৰে বুলিও কয় ।

Your Comments