ভগৱান শ্ৰীবিষ্ণুৰ অৱতাৰ শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি উত্তৰ প্ৰদেশৰ অযোধ্যাত আধ্যাত্মিক আৰু অতি আকৰ্ষণীয়ভাৱে 'দীপোৎসৱ-২০১৯' নামেৰে পালন কৰা হৈছে দীপাৱলী।দীপাৱলী উপলক্ষে অযোধ্যাৰ সৰযূ নৈৰ পাৰত প্ৰজ্বলন কৰা হৈছে ৫ লাখ ৫১ হাজাৰ দীপ।
উল্লেখ্য যে এই বৃহৎ সংখ্যক দীপ প্ৰজ্বলনে এতিয়া গিনীজ বিশ্ব অভিলেখ গঢ়িছে।'দীপোৎসৱ-২০১৯'ত অংশগ্ৰহণ কৰিবলৈ দেশ-বিদেশৰ হাজাৰ-হাজাৰ লোকৰ অযোধ্যালৈ আগমন ঘটিছে আৰু তেওঁলোকক দীপ প্ৰজ্বলনৰ দৃশ্যই মন্ত্ৰমুগ্ধ কৰি তুলিছে।
দীপাৱলী উপলক্ষে শ্ৰীৰামচন্দ্ৰ,সীতা দেৱী আৰু লক্ষ্মনে ১৪ বছৰ বনবাস খাটি অযোধ্যালৈ ওভতি অহাৰ দৃশ্য ৰূপায়ণ কৰা হয়।উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু মহন্ত নৃত্য গোপালে শ্ৰীৰামচন্দ্ৰৰ ৰাজতিলক কৰে।
- Log in to post comments
- 12 views