মৰিগাঁৱত 'মাছ'ৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা সম্পন্ন:মৰিগাঁও জিলা সমিতি গঠন

মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ 'মাছ'ৰ মৰিগাওঁ জিলা সমিতিৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।এই উপলক্ষে পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে 'মাছ'ৰ মৰিগাওঁ জিলা সমিতিৰ অধ্যক্ষ পৱিত্ৰ নাথে। ইয়াৰ পিছতেই বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে 'মাছ'ৰ জ্যেষ্ঠ সদস্য সোমেশ্বৰ নাথ আৰু পৰেশ চৌধুৰীয়ে। দুপৰীয়া 'মাছ'ৰ জিলা সমিতিৰ অধ্যক্ষ পৱিত্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত 'মাছ'ৰ মুখ্য উপদেষ্টা বুবুমনি গোস্বামীয়ে অসম তথা মৰিগাঁও জিলাত সংঘটিত হৈ অহা মানৱ অধিকাৰ উলংঘন ঘটনাৰ সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰি কয়-'আমি সকলোৱে মানৱীয় মান-মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ জন্মসূত্ৰে যিবোৰ অধিকাৰ লাভ কৰা হৈছিল,সেই অধিকাৰবোৰৰ পৰা আজি  সকলোৱে বঞ্চিত হৈ আছো।ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ চনদত অন্তৰ্ভুক্ত হোৱা এই অধিকাৰসমূহ আমি সকলোৱে কাৰ্যক্ষেত্ৰত ভোগ কৰিবলৈ সক্ষম হোৱা নাই। সময়ে সময়ে এই অধিকাৰসমূহ উলংঘন হৈ আহিছে। আমাৰ জন্মসূত্ৰে লাভ কৰা অধিকাৰসমূহ লাভ কৰাৰ ক্ষেত্রত ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই বুলি উল্লেখ কৰি মানুহৰ অধিকাৰৰ হকে সবল প্ৰতিবাদ জনাই অহা মানৱ অধিকাৰ সংগ্ৰাম সমিতিক অধিক শক্তিশালী কৰি তুলিবলৈ সকলোৱে প্ৰতি আহ্বান জনাই মুখ্য উপদেষ্টাগৰাকীয়ে। 'মাছ'ৰ মৰিগাওঁ জিলা সমিতিৰ সচিব মাণিক নাথে আঁত ধৰা আৰু মাছ'ৰ সচিব জিতুমণি নাথ,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সুৰেন নাথ,নগাঁও জিলা সমিতিৰ সাংগঠনিক সচিব বুলবুল নাথে অংশ গ্ৰহণ কৰা সভাখনত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে 'মাছ'ৰ সাংগঠনিক সচিব লক্ষী প্ৰসাদ ডেকা।বান বিধ্বস্ত মৰিগাঁও জিলাৰ সামগ্ৰিক উন্নয়নৰ সন্দৰ্ভত মাছে দল-সংগঠনৰ সহযোগত শীঘ্ৰেই এখন গণ সভা অনুষ্ঠিত কৰিবলৈ  প্ৰস্তাৱ গ্ৰহণ কৰা সাধাৰণ সভাখনতে মিনেশ্বৰ কোঁৱৰক অধ্যক্ষ মাণিক নাথক সচিব,বুবুমণি গোস্বামী,জিতুমণি নাথ,সুৰেন নাথক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিৰ্বাচিত কৰি ২১ জনীয়া মৰিগাওঁ জিলা সমিতিখন গঠন কৰা হয়।

Your Comments