বঙাইগাঁওঃ
ৰেড হৰ্ন ডিভিজনৰ সেনাই শনিবাৰে বঙাইগাঁৱৰ জিলা পুথিভঁৰাল প্ৰাংগণত প্ৰাক্তন সৈনিকৰ সমাৱেশ অনুষ্ঠিত হয়। এই সমাৱেশত বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সহস্ৰাধিক প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য উপস্থিত থাকে। সেনাৰ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত সৈনিক এজনৰ পৰিয়ালে অকল সৈনিকজনৰ পেঞ্চনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। সেয়ে সৈনিকৰ পৰিয়ালক স্বাৱলম্বী কৰাৰ বাবে বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে আৰু তেওঁলোকৰ খা-খবৰ লোৱাৰ বাবে এই সমাৱেশ অনুষ্ঠিত কৰা হয়। এই সমাৱেশতে প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰাৰ বাবে চিকিৎসা শিবিৰৰো ব্যৱস্থা কৰা হয়। সমাৱেশত সেনাৰ উচ্চ পদস্থ বিষয়াৰ উপৰি বঙাইগাঁৱৰ উপায়ুক্ত আদিল খান আৰু আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল উপস্থিত থাকে। সমাৱেশত বিভিন্ন বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ জৰিয়তে ৰাজ্যখনৰ চহকী কৃষ্টি উপস্থাপন কৰে ৷
- Log in to post comments
- 3 views