ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ অভিযোগত বঙাইগাঁওত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীক

বঙাইগাঁওঃ

বঙাইগাঁৱত ড্ৰাগছৰ বেহা অব্যাহত থকাৰ সময়তে এইবাৰ এই বেহাৰ লগত জড়িত থকাৰ অভিযোগত খোদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন আৰক্ষী কনিষ্টবলক ৷ এই ঘটনাই ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বঙাইগাঁৱতে ৷ উল্লেখ্য যে বঙাইগাঁও আৰক্ষীয়ে শুকুৰবাৰে নিশা ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ অভিযোগত এ বি কনিষ্টবল তাজেন মণ্ডল( ৩৫)ক গ্ৰেপ্তাৰ কৰে ৷ তাজেন মণ্ডল বঙাইগাঁও চহৰৰ দোলাইগাঁওস্থিত বঙাইগাঁও আৰক্ষী ছাউনীত কৰ্তব্যৰত আছিল ৷ তাজেন মণ্ডলৰ ঘৰ মঙলদৈৰ দলগাঁৱত যদিও চাকৰিসূত্ৰে বঙাইগাঁও আৰক্ষী ছাউনীত থাকে ৷ ইপিনে এই সন্দৰ্ভত বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে যোৱা ২২ অক্টোৱৰত বঙাইগাঁও চহৰৰ ওল্ড কলনীৰ পৰা আৰক্ষীয়ে বিজনীৰ এহাল দম্পতীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল ৷ বিজয় সৰকাৰ আৰু পূজা সৰকাৰ নামৰ দম্পতীহালক গ্ৰেপ্তাৰ কৰাৰ পিচত আৰক্ষীৰ জেৰাত তাজেন মণ্ডল নামৰ কনিষ্টবলজনো ড্ৰাগছৰ বেহাৰ লগত জড়িত বুলি স্বীকাৰোক্তি দিছিল ৷ আৰক্ষীয়ে বিজয় সৰকাৰৰ স্বীকাৰোক্তিৰ ভিত্তিতে শুকুৰবাৰে নিশা কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰে ৷

লগতে সমগ্ৰ বিষয়টো তদন্ত কৰি থকা হৈছে বুলি কৈ তদন্তৰ পিচত সকলো পোহৰলৈ আহিব বুলিও কয় ৷ বঙাইগাঁও আৰক্ষীয়ে এনডিপিএছ এক্টৰ ২২ নং ধাৰাৰ অধীনত বঙাইগাঁও সদৰ থানাত ৰুজু হৈ থকা ৬৯৬/১৯ নম্বৰৰ গোচৰৰ ভিত্তিত কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰি সোধ পোছ অব্যাহত ৰাখিছে ৷ ইপিনে আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কনিষ্টবলজনৰ বিৰুদ্ধে পূৰ্বৰে পৰা ড্ৰাগছৰ বেহাৰ লগতে বিভিন্ন কাৰ্যত জড়িত থকাৰ অভিযোগ আছিল যদিও প্ৰমাণ পোৱা নাছিল ৷ কিন্তু এইবাৰ সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত কৰি থকা হৈছে ৷

আনহাতে সমাজ ধ্বংসকাৰী মাৰাত্মক ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ অভিযোগত খোদ আৰক্ষীৰ লোকেই আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা ঘটনাই আৰক্ষী মহলক লজ্জিত কৰি তুলিছে ৷ সমাজৰ পৰা যুৱ প্ৰজন্মক তথা সমাজ ধ্বংসকাৰী ড্ৰাগছৰ প্ৰচলন নাইকিয়া কৰাৰ সলনি আৰক্ষীৰ লোকেই সমাজ ধ্বংসত জড়িত হৈ পৰাত এতিয়া সচেতন মহল চিন্তিত হৈ পৰিছে ৷ লগতে সৰিহৰ ডুলিতে ভুত থকাৰ দৰে অসম আৰক্ষীতো যে অসামাজিক কৰ্যকলাপৰ লগত জড়িত হৈ থকা বহুজন তাজেন মণ্ডল আছে সেয়া ক্ৰমাৎ উন্মোচিত হ'বলৈ ধৰিছে আৰু অতিশীঘ্ৰে তেনে আৰক্ষীৰ লোকসকলক চিনাক্ত কৰি উলিওৱাৰ সময় আহি পৰিছে বুলিও মতপোষণ কৰিছে ৷ অন্যথা আৰক্ষীৰ প্ৰতি ক্ৰমাৎ জনসাধাৰণে হেৰুৱাই পেলাব ধৰা আস্থা একেবাৰে হেৰুৱাই পেলাব বুলিও মন্তব্য কৰিছে সচেতন মহলে ৷

Your Comments