মৰিগাঁৱৰ পৰা জিতু মনি নাথৰ প্রতিবেদন :
মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক আচাৰ্য বীৰেন্দ্ৰ কুমাৰ নাথৰ ১৪ তম গ্ৰন্থ "ভাগ্য আৰু সাধনা" শনিবাৰে মৰিগাঁও জিলা সাহিত্য সভাৰ শশীকান্ত হাজৰিকা প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। এই উপলক্ষে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি বুবুমনি গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হয় উক্ত গ্ৰন্থ উন্মোচনী সভা। মৰিগাওঁ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অজিত শৰ্মাই আঁত ধৰা সভাখনত গ্ৰন্থ খনি উন্মোচন কৰে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। গ্ৰন্থখনি উন্মোচন কৰি দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে কয় সকলোৱে লিখক,শিল্পী,খেলুৱৈ,কলাকৌশলী হ'ব নোৱাৰে। এয়া হৈছে ঈশ্বৰৰ প্ৰদত্ত গুণ।ভাৰতীয় দৰ্শনে যিবিলাক কথা কৈছে সেইবোৰৰ ওপৰত মোৰ দৃঢ় বিশ্বাস আছে। মই ভাবো যে আমাৰ সভ্যতা যিমান শক্তিশালী বিশ্বত কোনো সভ্যতাই সিমান শক্তিশালী নহয়। কাৰণ প্ৰতিটো কথাই বিজ্ঞান সন্মতভাবে আমাৰ লিপিবদ্ধ হৈ আছে ।
বয়সে কোনো কামতেই বাধাৰ সৃষ্টি কৰিব নোৱাৰে বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে কয় মনোবল যেতিয়ালৈকে দৃঢ় কৰি ৰাখিব তেতিয়ালৈকে সমাজত পথ প্ৰদৰ্শক হিচাপে কাম কৰি যাব পাৰে বুলি তাৎপৰ্য্য পূৰ্ণ মন্তব্য আগবঢ়ায়। ইফালে বিশিষ্ট সাহিত্যিক ড০ নৱকান্ত বৰদলৈয়ে আচাৰ্য বীৰেন্দ্ৰ কুমাৰ নাথে ৭৬ বছৰ বয়সলৈকে নীৰৱ সাহিত্য চৰ্চা চলাই থকাৰ পিছতো অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ নকৰাত আক্ষেপ প্ৰকাশ কৰে। মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাতৰ,কবি হৰেন্দ্ৰ বৰা,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা,জিলা সাহিত্য সভাৰ উপ-সভাপতি যুগল কিশোৰ চৌধুৰী,সম্পাদক পিনাকী ভূষণ মহন্ত আদি কৰি বহু কেইজন সাহিত্যনুৰাগীয়ে অংশগ্ৰহণ কৰে।
ইফালে গ্ৰন্থ উন্মোচনী সভাৰ পিছতেই অনুষ্ঠিত হয় জিলা সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা। জিলা সাহিত্য সভাৰ সভাপতি বুবুমনি গোস্বামীৰ সভাপতিত্বত আৰু সম্পাদক পিনাকী ভূষণ মহন্তই আঁত ধৰা সভাখনত জিলা আৰু অসম সাহিত্যি সভাৰ নিৰ্বাচনৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শিক্ষাবিদ নৰেন্দ্ৰনাথ কেওঁত,প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ কুমাৰ নাথ,মিলেশ্বৰ পাতৰ,উপ-সভাপতি যুগল কিশোৰ চৌধুৰী,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হৰেন্দ্ৰ বৰা,অজিত শৰ্মাকে আদি কৰি জিলা কাৰ্যনিৰ্বাহ সদস্য সদস্যা সকলে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 16 views