দেহাৰকুছি দুৰ্গাপূজা মণ্ডপত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

deharkuchi

নৰেন শৰ্মা,বাহাৰঘাট :

পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা মণ্ডপ,দেহাৰকুছিৰ সৌজন্যত সাৰথি হস্পিতাল,নলবাৰীৰ সহযোগত শনিবাৰে পূৱা ১১ বজাৰ পৰা মণ্ডপ প্ৰাংগনত এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুস্থিত হয় ৷ প্ৰায় দুই শতাধিক ৰোগীক চিকিৎসা প্ৰদান কৰা উক্ত শিবিৰটো উদ্বোধন কৰে মণ্ডপ পৰিচালনা সমিতিৰ সভাপতি নিৰঞ্জন চন্দ্ৰ ডেকাই৷শিবিৰত কাৰ্ডিওলজি,মেডিচিন,চাৰ্জাৰী,পেডিএট্ৰিকচ,নিউৰোচাৰ্জাৰী আদিকে ধৰি কেইবাটাও বিশেষ ৰোগৰ চিকিৎসা প্ৰদান কৰাৰ লগতে ই চি জি আৰু ঔষধ সমূহো বিনামূলীয়াকে বিতৰণ কৰা হয়।শিবিৰত  সাৰথিৰ ফালৰ পৰা ডা°বৰদা কান্ত শৰ্মা,ডা°সুভাষ সিং,ডা°কিশোৰ কুমাৰ তালুকদাৰ,ডা°ৰাঘবেশ ওজা,ডা°মলয় ৰঞ্জন ঢাল,ডা°ৰাজুমণি শৰ্মা আৰু সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডা°হেমেন কুমাৰ শৰ্মাই চিকিৎসা প্ৰদান কৰাৰ লগতে সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মী সকলেও সহযোগিতা কৰে৷

Your Comments