লাহৰীঘাটত কৃতী ছাত্ৰলৈ বঁটা প্ৰদান অনুষ্ঠান

laharighat

লাহৰীঘাটৰ পৰা স্বামীমুল ইছলামৰ প্রতিবেদন :

লাহৰীঘাটৰ  ধোৱাং খাইতি মধ্য ইংৰাজী বিদ্যালয়ত শনিবাৰে অনুষ্ঠিত হয় এক বঁটা বিতৰণী অনুষ্ঠান। প্ৰধান শিক্ষক তথা লাহৰীঘাট উত্তৰ-পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ সভাপতি মকবুল হুছেইনে তেওঁৰ পিতৃ হৰমুজ আলীৰ নামত ২০০০ নগদ টকা,গামোছা,মানপত্ৰ আৰু কিতাপৰ টোপোলা আগবঢ়োৱাৰ লগতে মাতৃ ছমিৰণ নেছাৰ নামতো ৩০০০ নগদ টকা,গামোছা,মানপত্ৰ,কিতাপৰ টোপোলা,কলম আদিৰে কৃৰ্তী ছাত্ৰ জোতিষ বৰদলৈ আৰু তুফাইল আহমেদক বঁটা প্ৰদান কৰাৰ লগতে সম্বৰ্ধনায়ো জনোৱা হয়।  প্রাক্তন প্রধান শিক্ষক হাছেন আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান । উল্লেখ্য যে মকবুল হুছেইনে ২০১৫ চনৰ পৰা এই বঁটা ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়ায় আহিছে। নিৰ্ধাৰিত কেইখনমান বিদ্যালয়ৰ পৰা হাইস্কুল শেষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। উক্ত সভাখনত তিনিচুকীয়াৰ মহমৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী হাচনাৰা বেগম,গৰৈমাৰী এম.ই.স্কুলৰ প্ৰধান শিক্ষক ফৰৰুল ইছলাম খানৰ লগতে বহু কেইজন শিক্ষকৰ উপৰি অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তি সকল উপস্থিত থাকে। মকবুল হুছেইনৰ এনে পদক্ষেপক  ভূয়ষী প্ৰশংসা কৰে সকলোৱে ।

Your Comments