একেৰাহে দ্বিতীয় দিনা মাজুলীত মঠাউৰিৰ অৱস্থাৰ বুজ ল'লে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই

Pic

নিউজ এএছএন প্ৰতিবেদক,মাজুলী:

ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই একেৰাহে দ্বিতীয় দিনাৰ বাবে শনিবাৰে মাজুলীৰ মঠাউৰিৰ স্পৰ্শকাতৰ অংশ পৰিদৰ্শন কৰে। বাৰিষাকাল শেষ হোৱাৰ লগে লগেই মঠাউৰিৰ স্পৰ্শকাতৰ অংশ আৰু খহনীয়া আক্ৰান্ত অঞ্চল পৰিদৰ্শনৰ বাবে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে শুকুৰবাৰে মাজুলীলৈ অহা জলসম্পদ মন্ত্ৰীগৰাকীয়ে শনিবাৰে আগবেলা মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰী,আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়ৰ লগতে জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা অৰূপ বৰঠাকুৰ আৰু কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামীৰ সৈতে বিগত বাৰিষাৰ সময়ছোৱাত শংকাৰ সৃষ্টি কৰা ব্ৰহ্মপুত্ৰৰ হালধিবাৰী-বেছামৰা মঠাউৰিৰ বনগাঁও অংশ পৰিদৰ্শন কৰে। বৰষুণমুখৰ পৰিৱেশৰ মাজতে মন্ত্ৰী মহন্তই উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে আৰক্ষীৰ দুখন 'থাৰ' (মহিন্দ্ৰ থাৰ) গাড়ীত উঠি মঠাউৰিটোৰ বনগাঁও অংশত থকা পুৰম, মেৰাগড়, ধোঁৱাচলা, কঢ়ালগাঁওসহ একাধিক স্পৰ্শকাতৰ স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উল্লেখ্য যে বিগত বাৰিষাৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ হালধিবাৰী-বেছামৰা মঠাউৰিৰ এই অংশত উপৰ্যুপৰি পানীৰ উঁহ ওলোৱাৰ ফলত অত্যন্ত শংকাজনক পৰিস্থিতিৰ উদ্ভৱ হৈছিল। জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সহযোগত জলসম্পদ বিভাগে দিনে-নিশাই যুদ্ধকালীন ক্ষিপ্ৰতাৰে এই স্পৰ্শকাতৰ স্থানসমূহত জৰুৰী মেৰামতি কাৰ্য চলোৱাৰ বাবে এইবাৰৰ বাৰিষাত কোনো অঘটন নোহোৱাকৈ মঠাউৰিটো ৰক্ষা পৰে। আজিৰ পৰিদৰ্শনকালত যোৱা বাৰিষাৰ এই বিপজ্জনক পৰিস্থিতিৰ সবিশেষ বুজ লোৱাৰ লগতে মঠাউৰিৰ অৱস্থা পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে উপযুক্ত প্ৰতিকাৰমূলক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ প্ৰয়োজনীয় আঁচনি প্ৰস্তুত কৰিবলৈ বিভাগীয় শীৰ্ষ বিষয়া-অভিযন্তাক নিৰ্দেশ দিয়ে। মঠাউৰিৰ বনগাঁও অংশৰ এই স্পৰ্শকাতৰ স্থানসমূহ পৰিদৰ্শনৰ পাছত জলসম্পদ মন্ত্ৰী মহন্তই আৰক্ষীৰ বাহনত উঠিয়েই মঠাউৰিৰে গৈ অফলামুখ পাৰঘাটত উপস্থিত হয়। জলসম্পদ মন্ত্ৰীগৰাকীয়ে উপায়ুক্ত আৰু বিভাগীয় অধীক্ষক অভিযন্তা-কাৰ্যবাহী অভিযন্তাৰ সৈতে পুনৰ পাৰঘাটৰ এখন চাহ দোকানত বহি মঠাউৰিটোৰ এই স্পৰ্শকাতৰ অংশ অহা বাৰিষাৰ পূৰ্বেই সৱলীকৰণৰ বাবে ল'ব পৰা কাৰ্যব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে। দুদিনীয়া মাজুলী ভ্ৰমণ সামৰি দুপৰীয়া মন্ত্ৰীগৰাকীয়ে অফলামুখ-নিমাতীঘাট হৈ গুৱাহাটী অভিমুখে ৰাওনা হয়।

Your Comments