১ নৱেম্বৰত মৰিগাঁও জিলা ভ্ৰমণ কৰিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে

Pic

মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

মৰিগাঁও জিলাৰ কৃষকৰ অভাৱ-অভিযোগসমূহৰ বুজ লোৱাৰ উদ্দেশ্যৰে অহা ১ নৱেম্বৰত মৰিগাঁও জিলা ভ্ৰমণ কৰিব অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। এই কথা শনিবাৰে প্ৰকাশ কৰিছে মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাই। উপায়ুক্তৰ সভাকক্ষত আজি  ৩১ অক্টোবৰত অনুষ্ঠিত হ'ব লগীয়া ৰাষ্ট্ৰীয় একতা দিৱসৰ প্ৰস্তুতি সভাত অংশ গ্ৰহণ কৰি উপায়ুক্ত ঋতুৰাজ বৰাই কয় যে বান বিধ্বস্ত মৰিগাঁও জিলাক কৃষি খণ্ড উন্নয়নৰ জৰিয়তে এখন আদৰ্শ জিলালৈ ৰূপান্তৰ কৰাৰ এক অভিলাষী প্ৰকল্প হাতত লৈছে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। কৃষকসকলৰ সৱলীকৰণত অধিক গুৰুত্ব প্ৰদান কৰা ৰাজ্যপালগৰাকীয়ে জিলাখনৰ কৃষকৰ অভাৱ-অভিযোগ তথা সমস্যাসমূহৰ বুজ লোৱাৰ উদ্দেশ্যৰে এই ভ্ৰমণ কৰিব। এই ক্ষেত্ৰত বঘৰা শুকনাগোগত থকা ছাগলী ফাৰ্ম, ঔজাৰীত থকা ৰেচম বিভাগৰ এৰি ফাৰ্ম আদি কৰি জিলাখনৰ বিভিন্ন স্থানত থকা কৃষকৰ ফাৰ্ম,উদ্যান,মীন মহল আৰু কৃষি ভূমি পৰিদৰ্শন কৰাৰ অন্তত জিলা উপায়ুক্তকক্ষত ৰাজ্যপালগৰাকী এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হ'ব বুলি জনিবলৈ দিয়ে। আনহাতে,ৰাষ্ট্ৰীয় একতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত উপায়ুক্ত ঋতুৰাজ বৰাই কয় যে মৰিগাঁও মহাবিদ্যালয়ৰ পৰা বাচনাঘাটলৈ অনুষ্ঠিত হ'ব একতা দৌৰ। অসম আৰক্ষী,চি আৰ পি এফ জোৱান,এন চি চি,স্কাউট- গাইড,নেহৰু যুৱ কেন্দ্ৰ,বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীকে ধৰি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিব লগা ৰাষ্ট্ৰীয় একতা দৌৰৰ অন্তত ৰাষ্ট্ৰীয় সংহতিৰ সন্দৰ্ভত খেল,নাটক,তৰ্ক আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলি মন্তব্য কৰে। মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া,ডা০ তহিদুৰ ৰহমান,উপ- আৰক্ষী অধীক্ষক লুইতজ্যোতি তালুকদাৰ,জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল গগৈ,জ্যেষ্ঠ নাগৰিক মিলেশ্বৰ পাতৰ,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা,সমাজ সেৱক লেনিন ডেকা,জিলা সাহিত্য সভাৰ কেন্দ্রীয় সদস্য অজিত শৰ্মা,পশুপালন বিষয়া ডা০ নিলোৎপল কাকতি, সাংবাদিক ডালিম ফুকন ,ভূৰবন্ধাৰ খণ্ড উন্নয়ন বিষয়া অতুল বৰুৱা,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমণি নাথ আদি কৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী,সংবাদ কৰ্মী, জ্যেষ্ঠ  নাগৰিকে  অংশগ্ৰহণ  কৰা  সভাখনত ৰাষ্ট্ৰীয় একতা দিৱসটো সফল কৰি তোলাত সকলোৰে সহায় -সহযোগিতা কামনা কৰে উপায়ুক্ত ঋতুৰাজ বৰাই।

 

Your Comments