ৰাজনীতি ত্যাগৰ কথা ঘোষণা কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে,কিন্তু ত্যাগ নকৰে বিধায়কৰ পদ !

rupjyoti

নিউজ ডেস্ক:

উপ-নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে মৰিয়নী সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।সংবাদমেল সম্বোধন কৰি মৰিয়নীৰ তিনিবাৰৰ বিধায়কগৰাকীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ৰাজনৈতিক জীৱন ত্যাগ কৰাৰ কথা।

বিধায়ক কুৰ্মীয়ে সংবাদমেলখনত কয়-সোণাৰি সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ সময়তে দলীয় কর্মীসকলক উৎসাহিত কৰাৰ লগতে মানসিকভাৱে শক্তিশালী কৰাৰ বাবে উপ-নিৰ্বাচনত চাৰিওটা সমষ্টিত জয়ী হ'ব নোৱাৰিলে ৰাজনৈতিক জীৱন ত্যাগ কৰিম বুলি কথা দিছিলোঁ।সেই কথা এতিয়া ৰাখিম-'মই ৰূপজ্যোতি কুৰ্মী, মোৰ মাৰ নাম ৰূপম কুৰ্মী আৰু দেউতা চেনীৰাম কুৰ্মীৰ পুত্ৰ হিচাপে ৰাজনীতি এই মুহূৰ্ততে ত্যাগ কৰিছোঁ"। লগতে তেওঁ কয় যে এতিয়া মোক লৈ বহুতে গান গাইছে 'তেৰা ৱাদা তেৰা কসম',সেই গীত কিন্তু এতিয়া লাহে লাহে সকলোৱে গাব লাগিব।২০২১ চনলৈকে অসমৰ সকলো ৰাইজে এই গানটো গাব। ৰাইজে মনত পেলাব 'ক্যা হুৱা মোডী ডাঙৰীয়া,তেৰা কসম'।

আনহাতে,ৰাজনৈতিক জীৱন ত্যাগ কৰিলেও ৰূপজ্যোতি কুৰ্মীয়ে বিধায়কৰ পদ ত্যাগ নকৰে।কাৰণ,মৰিয়নী সমষ্টিৰ ৰাইজে আশাৰে তেওঁক নিৰ্বাচিত কৰিছে।লগতে মাতৃৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰাৰ বাবে তেওঁ বিধায়ক হৈছে।সেইবাবে বিধায়কৰ দায়িত্বৰ পৰা তেওঁ পলায়ন নকৰে বুলি কয়।

Your Comments