নিউজ ডেস্ক :
শক্তিপীঠ কামাখ্যা ধামত যোৱা জুন মাহত অনুষ্ঠিত হৈ যোৱা অম্বুবাচী মেলাৰ সময়ছোৱাত জিলা প্ৰশাসনে স্থাপন কৰা শিবিৰসমূহত থকা ভক্তসকলৰ লগতে দর্শনাৰ্থীসকললৈ খাদ্য আৰু পানী যোগানৰ সেৱা আগবঢ়োৱা স্বেচ্ছাসেৱী সংগঠন তথা ভাণ্ডাৰাসমূহক কামৰূপ(ম)জিলা প্ৰশাসনে শুকুৰবাৰে পুৰস্কৃত কৰে। কামৰূপ(ম) জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত অনুষ্ঠানত উপায়ুক্ত বিশ্বজিৎ পেগুৱে অম্বুবাচীৰ সময়ছোৱাত ভাণ্ডাৰাসকলে ভক্তসকললৈ আগবঢ়োৱা সেৱাৰ শলাগ লয়।তেওঁ কয় যে ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অম্বুবাচীৰ মেলালৈ অহা লাখ-লাখ ভক্তলৈ ভাণ্ডাৰাসমূহে নিস্বাৰ্থভাৱে যি সেৱা আগবঢ়ালে,সেয়া অতি প্ৰশংসনীয়।
ইফালে,অম্বুবাচীৰ সময়ছোৱাত জিলা প্ৰশাসনে স্থাপন কৰা বড়িপাৰাৰ তৰুণ সংঘৰ খেলপথাৰৰ শিবিৰত সেৱা আগবঢ়োৱা খাদ্য যোগানৰ ভাণ্ডাৰাবোৰৰ ভিতৰত শ্রেষ্ঠ ভাণ্ডাৰাৰ পুৰস্কাৰ লাভ কৰে 'জয় মা কামাখ্যা নাগ বাবা সেৱা সমিতি'য়ে।পাণ্ডু পুৰণি ৰেল ষ্টেচনত স্থাপন কৰা শিবিৰত 'শ্ৰী মা কামাখ্যা সেৱা ট্ৰাষ্ট',নাহৰবাৰী শিবিৰত 'দিছপুৰ সেৱা সমিতি' আৰু ফাঁচী বজাৰৰ পুৰণি জেলৰ চৌহদত স্থাপন কৰা শিবিৰত 'ওদালবাক্ৰা যুৱ মঞ্চ'ই লাভ কৰে শ্রেষ্ঠ খাদ্য যোগানৰ বঁটা।আনহাতে পানীযোগানৰ সেৱা আগবঢ়োৱা ভাণ্ডাৰাসমূহৰ ভিতৰত শ্ৰেষ্ঠ সন্মান লাভ কৰে 'জয় মা কামাখ্যা সেৱা সমিতি' আৰু 'পঞ্জাবী সভা, গুৱাহাটী'য়ে।উল্লেখ্য যে এইবাৰ অম্বুবাচীৰ সময়ছোৱাত মুঠ ১৮ টা সংস্থাই খাদ্য আৰু ৪৪ টা সংস্থাই পানী যোগানৰ সেৱা আগবঢ়াইছিল।
ইফালে,উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে শ্ৰেষ্ঠ ভাণ্ডাৰাসমূহক বঁটা আৰু প্ৰশংসাপত্ৰ প্ৰদান কৰে।উল্লেখ্য যে শুকুৰবাৰৰ সভাখনত উপস্থিত থাকে কামৰূপ(ম) অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী,বিপুল কুমাৰ দাসকে ধৰি বহুসংখ্যক বিষয়া।
- Log in to post comments
- 3 views