বঙাইগাঁওঃ
বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত মাজগাঁৱত শুকুৰবাৰে পুৱাৰ ভাগত সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী যুৱ ব্যৱসায়ীৰ থিতাতে মৃত্যু হয় । পথ দুৰ্ঘটনাটোত নিহত যুৱৱকজন বঙাইগাঁও জিলা এন এছ ইউ আইৰ প্ৰাক্তন সভাপতি নাছিৰ উদ্দিন আহেমেদ ( ৩৫) বুলি চিনাক্ত কৰা হয় ৷ মৃত নাছিৰ উদ্দিন আদমেদৰ ঘৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত অভয়াপুৰীৰ ৰৌমাৰীত ৷ দুৰ্ঘটনাটো পুৱা ১১ঃ১০ মান বজাত সংঘটিত হয় ৷ উল্লেখ্য যে নাছিৰ উদ্দিন আহমেদে বঙাইগাঁও আদালতত কাম থকাত পুৱাৰ ভাগত অভয়াপুৰীৰ পৰা এ এছ ১৯ বি- ৫৬৩৭ নম্বৰৰ মটৰ চাইকেলখনেৰে বঙাইগাঁৱলৈ আহি থকা অৱস্থাত বঙাইগাঁও- শালমাৰা ৰাজ্যিক ঘাই পথৰ মাজগাঁৱত বঙাইগাঁৱৰ দিশৰ পৰা যোৱা এ এছ ১৯ চি- ৩৮৮৭ নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰাকে যুৱ ব্যৱসায়ীজনৰ মটৰ চাইকেলখনক খুন্দিয়াই পলায়ণ কৰে ৷ ফলত ঘটনাস্থলীতে নিহত হয় যুৱকজন ৷ পিচত দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত যান- বাহন শাখাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নিকটৱৰ্তী বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ উল্লেখ্য যে নিহত যুৱকজনে বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত আছিল ৷
- Log in to post comments
- 6 views