বিশেষ প্ৰতিনিধি,বঙাইগাঁওঃ
বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে নিশাৰ ভাগত চলাচল কৰা টেংকাৰ খেদি খেদি ৰখাই চালকৰ পৰা ধন দাবী কৰা ঘটনাৰ সৈতে জড়িত পাঁচজন যুৱকক উত্তৰ বঙাইগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাথ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে নিশা জিলাখনৰ গৰাইমাৰীত অভিযান চলাই এই পাঁচজন যুৱকক আটক কৰাৰ লগতে দলটোৱে ব্যৱহাৰ কৰা দুখন মটৰ চাইকেলো জব্দ কৰে ৷ ইপিনে আজি আটকাধীন যুৱককেইজনক উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী , বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহন আৰু উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে সোধ-পোছ কৰে ৷
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে যোৱা ১৯ অক্টোৱৰৰ নিশা বৰপেটাৰ দিশৰ পৰা বঙাইগাঁৱৰ দিশে আহি থকা এ এছ ২৬ চি- ৫৭৭১ নম্বৰৰ টেংকাৰখনক হঠাতে দুখন মটৰ চাইকেলে পিচে পিচে খেদি আহে আৰু জিলাখনৰ দনকিনামাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত টেংকাৰখন আগচি ধৰি চালকক ধন দাবী কৰে ৷ ঘটনাটো নিশা প্ৰায় ১০ঃ৪৫ বজাত সংঘটিত হয় ৷ এই ঘটনাৰ খবৰ পাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাত যুৱকৰ দলটো পলায়ণ কৰে ৷ পিচত ধন দাবীৰ ঘটনা সন্দৰ্ভত বৈসুনগাঁৱৰ টেংকাৰখনৰ চালক ওচমান গণি শ্বেখে বঙাইগাঁও আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে ঘটনাৰ লগত জড়িতসকলক কৰায়ত্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে ৷ শেষত বৃহস্পতিবাৰে নিশা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত মাণিকপুৰ থানাৰ অন্তৰ্গত গৰাইমাৰী অঞ্চলত উত্তৰ বঙাইগাঁও আৰক্ষীয়ে অভিযান চলাই ঘটনাটোৰ লগত জড়িত আছিদুল ইছলাম (২১),বাচিৰুদ্দিন মোল্লা (২০),মিজানুৰ ইছলাম(১৯),ৰফিকুল ইছলাম (১৯) আৰু জাহিৰুল ইছলাম(১৯) নামৰ যুৱক পাঁচজনক আটক কৰাৰ লগতে যুৱককেইজনে ব্যৱহাৰ কৰা এ এছ ১৫ এ-৩৯৩৬ আৰু এ এছ ১৯ এন- ০২৯২ নম্বৰৰ মটৰ চাইকেল দুখনো জব্দ কৰে ৷ আটকাধীন আটাইকেইজন যুৱকৰে ঘৰ গৰাইমাৰীত ৷ আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে যুৱককেইজনে টেংকাৰখন আগচি ধৰি চালকক ধন দাবী কৰাৰ কথা স্বীকাৰ কৰিছে ৷
উল্লেখ্য যে আটকাধীন আছিদুল ইছলামৰ গৰাইমাৰীত ধাবা থকাৰ লগতে মিজানুৰ ইছলাম আৰু ৰফিকুল ইছলামৰ টায়াৰ মেৰামতিৰ দোকান আছে ৷ আনহাতে জাহিৰুল ইছলাম নামৰ যুৱকজন বঙাইগাঁও শোধনাগাৰত অস্থায়ী কৰ্মী হিচাপে কাম কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰুজু হৈ থকা ৮০৯/১৯ নম্বৰৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ড বিধি আইনৰ ৩৪১/৩৮৪/৩৪ ধাৰাৰ অধীনত আটকাধীন পাঁচ যুৱকক গ্ৰেপ্তাৰ কৰি বঙাইগাঁও আদালতত হাজিৰ কৰাই অধিক তথ্য উদঘাটনৰ বাবে পাঁচ দিনৰ বাবে নিজৰ জিম্মালৈ আনিছে ৷
উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাই পথেৰে নিশাৰ ভাগত চলাচল কৰা বিভিন্ন ট্ৰাক, টেংকাৰ আদি একাংশ যুৱকে খেদি খেদি ধৰি চালকক ট্ৰাকত কঢ়িওৱা সামগ্ৰীৰ নথি -পত্ৰ আদি বিচৰাৰ লগতে গাঞ্জা তথা অবৈধ সামগ্ৰী কঢ়িয়াইছে নেকি বুলি দাবী ধমকি দি যদি অবৈধ সামগ্ৰী থকা বুলি জানিব পাৰে তেন্তে ট্ৰাক, টেংকাৰ আদি বাহনবোৰ গোপন স্থানলৈ লৈ গৈ ধনৰ লেন দেন কৰি মুকলি কৰি দি অহা বুলি সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে ৷ যিহেতু কিছুমান ট্ৰাক তথা টেংকাৰত অবৈধ সামগ্ৰী কঢ়িয়াই নিয়ে সেয়ে নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাই পথত ধন ঘটাৰ বাবে এনে চক্ৰ সক্ৰিয় হৈ থাকে ৷
- Log in to post comments
- 5 views