সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
সোণাৰি নগৰত যোৱা নিশা আৰক্ষীৰ জালত পৰে দুই কিশোৰ চোৰ। জানিব পৰা মতে সোণাৰি আৰক্ষী থানাৰ তহলদাৰী দ'ল এটাই নিশা প্ৰায় ১.৩০ বজাত তহল দি থকা অৱস্থাতেই এখন দোকানত প্ৰৱেশ কৰিব ধৰোঁতেই আটক কৰে চোৰ দুটাক। দলটোৰ লগত থকা আন এটা চোৰে আন্ধাৰৰ সুযোগত পলাই যাবলৈ সক্ষম হয়। ধৃত চোৰ দুটা ক্ৰমে মথুৰাপুৰ অঞ্চলৰ মহেশ্বৰ খোদাল আৰু বিকাশ তাঁতী বুলি চিনাক্ত হৈছে। আনহাতে পলাই যোৱা চোৰটো একে অঞ্চলৰে বিকাশ বাউৰী বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে চোৰৰ দলটোৱে নগৰখনৰ নামতোলা ৰোডত থকা প্ৰীতম দেৱনাথ নামৰ এজন লোকৰ দোকানৰ তলা ভাঙি প্ৰৱেশ কৰি লুটপাত চলাইছিল। বৰ্তমান সোণাৰি আৰক্ষী থানাতে সোধা পোছা অব্যাহত ৰখা চোৰৰ দলটোৰ পৰা এটা হাতুৰি সহ বিভিন্ন চুৰি সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে
- Log in to post comments
- 3 views