মাজুলীৰ গৰাখহনীয়াৰ বুজ ললে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই

majuli

ৰাজীৱ পাতিৰ,মাজুলী:


ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই আজি বিয়লি ৪.৩০ বজাত জেংৰাইমুখৰ মঘূৱাচুক অঞ্চলত খেৰকটীয়া নৈৰ খহনীয়া পৰিদৰ্শন কৰি বুজ লয়। বিভাগীয় উচ্চ পদস্হ বিষয়াৰ সৈতে কিনকিনিয়া বৰষুণৰ মাজতে মন্ত্ৰীগৰাকীয়ে পহুমৰা গড়মূৰ জেংৰাই হালধিবাৰী (পিজিজেএইচ) মঠাউৰিৰ পৰা নামি প্ৰায় ৫০০ মিটাৰ খোজ কাঢ়ি মঘূৱাচুকত এই খহনীয়া পৰিদৰ্শন কৰে। জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা অৰূপ কুমাৰ বৰঠাকুৰ, কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ কুমাৰ গোস্বামীৰ সৈতে খহনীয়া পৰিদৰ্শন কালত জলসম্পদ মন্ত্ৰী মহন্তই স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে। এই মতবিনিময় কালত ৰাইজৰ হৈ জেংৰাই মঘূৱাচূক গাঁও উন্নয়ন সমিতিৰ সভাপতি জীয়ন দলে,সাংবাদিক ৰাজীৱ পাতিৰ, দেৱৰাম পেগু, বিজেপি মাজুলী জিলাৰ সভাপতি লোকনাথ কুটুম, সত্যৰঞ্জন পেগু আদিকে ধৰি বিভিন্ন লোকে জেংৰাই মঘূৱাচূক অঞ্চলৰ অতি স্পৰ্শকাতৰ হিচাপে বিবেচিত খেৰকটীয়া নৈৰ খহনীয়াৰ বিজ্ঞানসন্মত ভাবে প্ৰতিৰোধ কৰা,পিজিজেএইছ মথাউৰিৰ সৱলীকৰণ কৰি পকীকৰণ কৰা আদি উত্থাপিত সমস্যা সন্দৰ্ভত মন্ত্ৰী মহন্তই কয় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি অঞ্চলটোত খেৰকটীয়া নৈৰ খহনীয়া প্ৰতিৰোধৰ লগতে মঠাউৰি তথা পথ নিৰ্মাণৰ বাবে ইতিমধ্যে জলসম্পদ বিভাগে এখন আঁচনিৰ প্ৰাককলন প্ৰস্তুত কৰিছে। অতি কম দিনৰ ভিতৰতে এই আঁচনিৰ কাম আৰম্ভ কৰাৰ বাবে বিভাগে ব্যৱস্থা ল'ব বুলিও তেওঁ প্ৰকাশ কৰে।m

অহা বাৰিষাৰ পূৰ্বেই এই আঁচনিৰ কাম খুউব ভালদৰে সম্পূৰ্ণ কৰি অঞ্চলটোক বান-খহনীয়া সমস্যাৰ পৰা স্থায়ীভাবে সকাহ দিয়া হ'ব বূলি জলসম্পদ মন্ত্ৰী মহন্তই ৰাইজক অৱগত কৰে। খহনীয়া প্ৰতিৰোধৰ লগতে সুকীয়াকৈ পথ তথা মঠাউৰি নিৰ্মাণৰ এই আঁচনিখনৰ প্ৰাককলনত নতুনকৈ আৰু কোনো বিষয় সামৰাৰ প্ৰয়োজন আছে নেকি, সেই বিষয়ে বুজ ল'বলৈকে আজি তেওঁ নিজেই মঘূৱাচুকৰ খহনীয়া আৰু পিজিজেএইচ মঠাউৰিটোৰ এই অংশ পৰিদৰ্শন কৰা বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জনায়। ইফালে, আজি পুৱাই জলসম্পদ মন্ত্ৰীগৰাকীয়ে দেৰগাঁও হৈ মাজুলী জিলাৰ দক্ষিণ আঁহতগুৰি আৰু আঁহতগুৰি এলেকাও ভ্ৰমণ কৰি খহনীয়া পৰিদৰ্শন কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কৰৈগুৰি, বাহিৰ ৰৌমৰা, বিলতীয়া, ১নং আৰু ২নং হোটাৰ আদি কেইবাটাও এলেকাত ব্ৰহ্মপুত্ৰৰ খহনীয়াসৃষ্ট পৰিস্থিতি পৰ্যবেক্ষণ কৰে। মন্ত্ৰী মহন্তই বিভাগীয় শীৰ্ষ বিষয়া-অভিযন্তাক লগত লৈ  পুৱা ৮ বজাৰ পৰা দুপৰীয়া ২ বজালৈ প্ৰায় ৬ ঘণ্টা ফেৰীৰে আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিৰ এই চাপৰি এলেকাসমূহত খহনীয়া পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে আনকি বিয়লি ৩ বজাত নিমাতীৰ পৰা আহি থকা অৱস্থাত ফেৰীতেই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কমলাবাৰীঘাটৰ পৰাই পোনে পোনে জেংৰাইমুখৰ মঘূৱাচুক এলেকালৈয়ো ৰাওনা হয়। সন্ধিয়া মন্ত্ৰী মহন্তই গড়মূৰত জলসম্পদ বিভাগৰ নিৰ্মীয়মান মাণ্ডলিক কাৰ্যালয় তথা অতিথিশালা পৰিদৰ্শন কৰে।

Your Comments