শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই
শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত হোৱা এখন সভাত আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শেৱালি বৰদলৈ, জিলাখনৰ ৫ খন উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল, কনিষ্ঠ অভিযন্তা সকল, এক্ৰেডিটেটেড অভিযন্তা সকল আৰু গাঁও পঞ্চায়তৰ সচিব সকলৰ সৈতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা কামকাজ আৰু আঁচনি সমূহৰ অগ্ৰগতিৰ বিষয়ে পৰ্য্যালোচনা কৰে।
সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা কামকাজ আৰু আঁচনি সমূহৰ খতিয়ান লোৱাৰ লগতে এইসমূহৰ সঠিকভাৱে আৰু সময়মতে ৰূপায়ণ কৰাৰ বাবে সংশ্লিষ্ট সকলোকে গুৰুত্ব প্ৰদান কৰিবলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়। তেওঁ কামকাজ সমূহৰ গুণাগুণৰ দিশতো দৃষ্টি ৰখাৰ পোষকতা কৰে। লগতে তেওঁ চৰকাৰী আচনীসমূহৰ বিষয়ে ৰাইজৰ মাজত অধিক সজাগতা বৃদ্ধিৰ বাবে তৃণমূল পৰ্যায়ত কাৰ্য্যকৰী ব্যৱস্থা হাতত লবলৈ অনুৰোধ জনায়।
এড়ী-মুগাৰ খোলা সমূহ মাজতে কাটি বিক্ৰী কৰাতকৈ ইয়াক গোটাকৈ উলিওৱাৰ বাবে কম খৰচতে উপলব্ধ মেচিন ব্যৱহাৰৰ বিষয়ে এড়ী-মুগা পালক সকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে উপায়ুক্ত গৰাকীয়ে গাঁও পঞ্চায়ত সমূহৰ সচিব সকলক দায়িত্ব অৰ্পণ কৰে। এই মেচিন উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসনেও সহযোগিতা আগবঢ়াব বুলি তেওঁ অৱগত কৰে। সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল্ আজহাৰ আলীও উপস্থিত থাকে।
- Log in to post comments
- 4 views