মৰিগাঁৱৰ পৰা জিতু মনি নাথৰ প্রতিবেদন :
অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে মৰিগাঁৱৰ কৃষি ক্ষেত্রত সৰ্বতোপ্ৰকাৰে উন্নয়নৰ বাবে অগ্ৰাধিকাৰ ভিত্তিক গুৰুত্ব প্ৰদান কৰি আজি মৰিগাঁও জিলা কৃষি বিভাগে গোম ধান খেতিয়কৰ মাজত উন্নত জাতৰ বীজ বিতৰণ কৰে। জিলা খনৰ ১৪ খন পথাৰ পৰিচালনা সমিতি আৰু আত্মসহায়ক গোটৰ মাজত গোমধানৰ বীজ বিতৰণৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। উল্লেখ্য যে জিলা কৃষি বিভাগৰ সহযোগত ২৫০০ জন কৃষকে এইবাৰ ১ হাজাৰ হেক্টৰ কৃষি ভূমিত গোমধান খেতি কৰিবলৈ কৃষিভূমি প্ৰস্তুত কৰি উলিয়াইছে। এই উপলক্ষে কৃষকৰ মাজত গোমধানৰ বীজ বিতৰণ অনুষ্ঠানটো উদ্বোধন কৰি দিয়া ভাষণত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই কয়-আমি কৃষিখণ্ড সমবিকাশত অধিক গুৰুত্ব আৰোপ কৰিছো। ৰাজ্যৰ অন্যান্য জিলা সমূহ যেনেদৰে আগবাঢ়িছে আমি তাতকৈ বেছি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব।
আমি যিমান পাৰো কৃষক সকলক সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিছো। আগতে কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ মাজৰ সম্বন্ধটোত কিছু ব্যৱধান আছিল যদিও এতিয়া সেইটো নাইকিয়া হৈছে। আমি সকলোৱে এটা ছাতিৰ তলত থাকিব পাৰিলেহে আমাৰ সমবিকাশ হ'ব। জিলাখনৰ কৃষি ক্ষেত্রত আমোল পৰিৱৰ্তনৰ বাবে তিনিবছৰীয়া এক পৰিকল্পনা যুগুত কৰা হৈছে। বানবিধ্বস্ত জিলা হিচাপে বহু সমস্যা থকাত কিছু লাহে লাহে কৰিব লগা হ'ব। অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে মৰিগাঁও জিলা ভ্ৰমণ কৰি পথাৰত কৃষকৰ লগত কথা বাৰ্ত্তাত মিলিত হৈ কৃষকৰ অভাব অভিযোগ সমূহ নিজেই বুজ ল'ব বুলি মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে। তদুপৰি উপায়ুক্ত ঋতুৰাজ বৰাই ৰাষ্ট্ৰীয় উদ্যান শস্যৰ বৰ্ডৰ তত্বাৱধানত মৰিগাঁৱৰ পৰা ২৫ জন কৃষকে বাংগালুৰুত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ যাব বুলি উল্লেখ কৰি অসম গ্ৰমীন বিকাশ বেংকে প্ৰায় দুই কোটি টকা আত্মসহায়ক গোটৰ মাজত বিতৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় বুলি উল্লেখ কৰি ইয়াক সঠিক ভাবে ব্যৱহাৰ কৰিবলৈ আত্মসহায়ক গোট সমূহক আহ্বান জনায়। ইফালে উপায়ুক্তগৰাকীয়ে মৰিগাঁৱত এফ চি আই গুদাম স্থাপনৰ বাবে অসম চৰকাৰৰ পৰা চিঠি লাভ কৰা, আচাম ষ্টেট ওৱেৰ হাউচিং কৰপোৰেচনৰ পৰা জিলাখনত শিতলিকৰণ গৃহ স্থাপন আৰু মাটি পৰীক্ষণৰ বাবে এটা পৰীক্ষাগাৰ অসম চৰকাৰে অনুমোদন দিয়া বুলি ঘোষণা কৰাত উপস্থিত কৃষক সকল উৎসাহিত হৈ পৰে।
ঔজাৰী কৃষি ফাৰ্মৰ পৰিচালক দিব্যজ্যোতি হাজৰিকাই আঁত ধৰা সভাখনত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই জিলাখনত বৰো ধানৰ বিপৰীতে বছৰতোত কৃষক সকলে তিনিটা খেতি কৰিব পৰাকৈ কৃষক সকলক প্ৰস্তুত কৰি তুলিবলৈ কৃষি বিভাগক আহ্বান জনায়। সভাত মৰিগাঁও জিলাৰ ভাৰপ্ৰাপ্ত কৃষি বিষয়া অৰূপ বৰা,অতিৰিক্ত আয়ুক্ত দেৱাহুতি ডেকা,জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া অশোক শৰ্মা,সহকাৰী কৃষি সঞ্চালক বিপুল আহমেদ, দন্দুৱা জিলা পৰিষদৰ সদস্যা মাধুৰীমা গোস্বামী,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথ,জিলাখনৰ পথাৰ পৰিচালনা সমিতি সমূহৰ সভাপতি সম্পাদককে আদি কৰি কৃষি বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰী সকলেও অংশগ্ৰহণ কৰে।
- Log in to post comments
- 71 views