অসমত মাতৃভাষাৰ জ্ঞান নাথাকিলে চাকৰি কৰিবলৈ দিয়া নহব : পৰমানন্দ ৰাজবংশী

paramananda

নৰেন শৰ্মা,বাহাৰঘাট : 

মাতৃভাষাৰ জ্ঞান নাথাকিলে অসমত কোনো ব্যক্তিকে চাকৰি কৰিবলৈ দিয়া নহ'ব.এই বক্তব্য অসম সাহিত্য সভাৰ সভাপতি ড°পৰমানন্দ ৰাজবংশীৰ৷আজি কামৰূপ গ্ৰাম্য জিলাৰ পশ্চিম বড়িগোগ শাখা সাহিত্য সভাৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি অধিবেশনত মুখ্য অতিথি হিচাবে উপস্থিত থাকি তেওঁ এইদৰে কয়৷তেওঁ কয় যে অসম সাহিত্য সভাই গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনত বিশেষ ভূমিকা লোৱাৰ উপৰিও কলকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰিছিল৷সেই পবিত্ৰ ভাষাটোক আজি এচামে সংকতত পেলাবলৈ চেষ্টা কৰিছে৷এচাম তথাকথিত অসমীয়াই নিজ সন্তানক অসমীয়া মাধ্যমত পঢ়োঁৱাৰ পৰা বিৰত ৰাখি মাতৃভাষাটোক বিজতৰীয়া কৰিবলৈ উঠিপৰি লাগিছে বুলিও সভাপতি গৰাকীয়ে অভিযোগ কৰে। শাখা সাহিত্য সভাৰ সভাপতি ৰামদত্ত লহকৰৰ সভাপতিত্বত পূৱা ১১ বজাত পঃবঃআঞ্চলিক কনিষ্ঠ মহাবিদ্যালয় প্ৰাংগনত অনুস্থিত হোৱা সভাখন উদ্বোধন কৰে চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সুনন্দ লহকৰে,সভাত শাখা সাহিত্য সভাৰ মুখপত্ৰ প্ৰভাতী উন্মোচন কৰি এমট্ৰনৰ অধ্যক্ষ দীনমণি ভাণ্ডাৰ কায়স্থই কয় যে ছাত্ৰছাত্ৰী সকলে অসমীয়া ভাষা,সংস্কৃতি,সাহিত্যৰ ওপৰত গুৰুত্ব দিলে আমাৰ জাতীয় অস্তিত্ব ৰক্ষা পৰিব৷গল্প,কবিতা,উপন্যাসৰ ওপৰত তত্ত্ব গধুৰ বিশ্লেষণ দি তেওঁ কয় যে মানুহৰ জীৱনৰ ওপৰত ৰজিতা খুৱাই লিপিবদ্ধ হোৱা সাহিত্য সদায় শ্ৰেষ্ঠ৷

paramaউক্ত সভাতে ৰামদত্ত লহকৰ ৰচিত কাব্যগ্ৰন্থ সুদিনৰ সুবাস বিচাৰি উন্মোচন কৰে কামৰূপ জিলা সাহিত্য সভাৰ মুখ্য সাংগঠনিক সম্পাদক নৃপেন্দ্ৰ কুমাৰ ভাগৱতীয়ে৷সভাত কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰাজেন মহন্তই নিৰ্দিষ্ট বক্তা হিচাবে বক্তব্য প্ৰদান কৰি কয় যে জিলাখনৰ ৬৬ খন শাখাৰ ভিতৰত পশ্চিম বড়িগোগ শাখাই গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত বিশেষ ভুমিকা গ্ৰহণ কৰিছে৷উক্ত সভাতে ১৯৭২ চনত প্ৰথমে শাখাটি প্ৰতিষ্ঠা কৰা সভাপতি তৰুণ চন্দ্ৰ শইকীয়া আৰু সম্পাদক সুৰেন্দ্ৰনাথ তালুকদাৰক গামোচা মানপত্ৰ আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অসমীয়া বিভাগত লেটাৰ নম্বৰ পোৱা শিক্ষাৰ্থী সকলক অসম সাহিত্য সভাৰ তৰফৰ পৰা গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। শাখা সভাৰ সম্পাদক হৰমোহন কলিতাই উদ্দেশ্য ব্যখ্যা কৰাৰ লগতে আৰধৰা সভাখনত গুৱাহাটী মহানগৰ সমিতিৰ সভানেত্ৰী মৃনালিনী দেবী,কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হৰেন্দ্ৰ নাথ কলিতাই ও ভাষন দিয়াৰ উপৰিও  পঃবঃআঞ্চলিক জুনিয়ৰ কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তৰু ভৰালী,সমাজসেৱী যোগেশ তালুকদাৰ,কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰণীচৰন কলিতা,জিলা সাহিত্য সভাৰ সভাপতি শিশুৰাম শইকীয়া,সমাজসেৱী বাপুকণ আলী আদিকৰি কেইবাজনো বিশিষ্ট লোকে আমন্ত্ৰিত অতিথি হিচাবে অংশ লয়৷ ইয়াৰ আগতে পূৱাৰ ভাগত  স্বচ্ছ অভিযান,পতাকা উত্তোলন,স্মৃতি তৰ্পণ,শ্বহীদ তৰ্পণ,বৃক্ষ ৰোপন আদি কাৰ্য্যসূচী ৰূপায়িত কৰে৷

Your Comments