শিৱসাগৰত এড়ী আৰু মুগা শিল্পৰ বিকাশ আৰু সম্ভাৱনীয়তা বিষয়ক সভা সম্পন্ন

sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই

শিৱসাগৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত যোৱা ২৪ অক্টোবৰত অনুষ্ঠিত এখন সভাত  জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই জিলাখনৰ এড়ী আৰু মুগা পালক, শিপিনী আৰু বয়ন শিল্পৰ লগত জড়িত শিপিনী সকল আৰু সমবায় সমিতি সমূহৰ সভাপতি- সম্পাদক সকলৰ লগত এড়ী আৰু মুগা শিল্পৰ বিকাশ আৰু সম্ভাৱনীয়তাৰ বিভিন্ন দিশ সামৰি বিশদভাৱে আলোচনা কৰে।

সভাত উপায়ুক্ত গৰাকীয়ে জিলাখনত এড়ী আৰু মুগা উৎপাদন বৃদ্ধিৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সমূহৰ লগতে এই শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ দিশ উন্মোচন কৰাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। 

সভাত উপায়ুক্ত গৰাকীয়ে এড়ী আৰু মুগাৰ বাবে প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰিবলৈ পৰ্যাপ্ত পৰিমানে এৰা, কেছেৰু, চোম আদি গছ ৰোপনৰ পোষকতা কৰে আৰু এই ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সভা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে উৎপাদিত এড়ী আৰু মুগাৰ সংগ্ৰহ আৰু বিতৰণৰ ক্ষেত্ৰত সমবায় সমিতি সমূহক দায়িত্ব লবলৈ অনুৰোধ জনায়। 

জিলাখনৰ ৰেচম বিভাগ আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগক প্ৰয়োজনীয় এড়ী আৰু মুগাৰ পৰা পৰ্যাপ্ত পৰিমাণৰ সূতা উৎপাদন কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট এলেকা নিৰ্বাচন কৰি তৎকালেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উপায়ুক্ত গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশনা জাৰি কৰে। লগতে তেওঁ এড়ী আৰু মুগা পালক সকলক কোনো মধ্যভোগী ব্যক্তিক এই কেঁচামাল সমুহ কম দামত বিক্ৰী নকৰি বিভাগক বিক্ৰী কৰিবলৈ আহ্বান জনায়। এড়ী আৰু মুগা মিছনৰ যোগেদি জিলাখনত এখন জাকতজিলিকা উদ্যোগ গঢ়ি তুলিব পৰা যাব বুলিও উপায়ুক্ত গৰাকীয়ে মতপোষণ কৰে।

Your Comments